Skip to main content

কথা কোৱা গুহা

এসময়ত এখন হাবিত বৰ প্রকাণ্ড
সিংহ এটাই বাস কৰিছিল।এদিনাখন
তাৰ বৰ ভোক লাগিল।সি হাবিখনৰ
ইফালে-সিফালে ঘূৰি ফুৰিলে,কিন্তু
খাব পৰাকৈ কোনো জন্তু বিচাৰি
নাপালে।বহুত ঘূৰি-ফূৰি তাৰ ভাগৰ
লাগিল। অৱশেষত সি শ্রান্ত-ক্লান্ত
হৈ এঠাইত বাগৰি পৰিল ।
হঠাৎ সি এটা গুহা দেখা পালে আৰু
ভাবিলে-নিশ্চয় এই গুহাটোৰ ভিতৰত
কোনো জন্তুৱে বাস কৰে ।
সোনাকলেই সি বাহিৰলৈ ওলাই
আহিব পাৰে । মই এই
জোপোহাটোৰ আঁৰত লুকাই থাকোঁ।
যেতিয়া সি বাহিৰলৈ ওলাই আহিব,
মই তাক মাৰিম আৰু খাই পেলাম ।
ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ
সমুখত জোপোহাটোৰ আঁৰত লুকাই
থাকল।বহু সময় পাৰ হ'ল । কোনো
জন্তুৱে কিন্তু গুহাৰ বাহিৰলৈ ওলাই
নাহিল।
সিংহটোৱে ভাবিলে-সি নিশ্চয়
আগেয়েই বাহিৰলৈ ওলাই গৈছে ।
সোনকালেই ঘূৰি আহিব । গতিকে মই
ভিতৰত সোমাই ৰৈ থাকোঁগে ।
যেতিয়া সি গুহাটোত সোমাব,মই
তাক মাৰি খাই পেলাম।সেইকাৰণে
সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু
ভিতৰত ৰৈ থাকিল।
আচলতে গুহাটোৰ ভিতৰত এটা
শিয়ালে বাস কৰিছিল।সেই সময়ত
শিয়ালটো বাহিৰলৈ গৈছিল। এতিয়া
সি ঘূৰি আহিছে । সি গুহাটোত
সোমাওঁ-সোমাওঁ কৰিছিলেই,এনেতে
সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল।
শিয়ালটোৱে ভাবিলে-গুহাৰ ভিতৰত
এটা সিংহ সোমাই আছে নিশ্চয়।
গতিকে মই সাৱধান হওঁ ।
শিয়ালটোৱে কিছু সময় ভাবিলে তাৰ
পিছত ডাঙৰকৈ চিঞৰিলে-হেৰা গুহা!
হেৰা মোৰ মৰমৰ গুহাটো !
অলপ সময়ৰ পাছত সি আকৌ
চিঞৰিলে -হেৰা মৰমৰ গুহা। আজি
তুমি কিয় মনে-মনে আছা? আনকালে
যেতিয়া মই আহোঁ ,তুমি মোক
সম্ভাষণ জনোৱা আছিনো কিয়
মনে-মনে আছা ?
সিংহটোৱে এই সকলোবোৰ শুনি
আছিল। সি ভাবিলে-এই গুহাটোৱে
শিয়ালটোক সম্ভাষণ জনায়। আজি
মই আছো বাবে ভয়ত মনে-মনে আছে
গতিকে, ময়েই শিয়ালটোক সম্ভাষণ
জনাওঁ । ন'হলে সি গুচি যাব ।
সেয়ে সিংহটোৱে চিঞৰি চিঞৰি
ক'লে-হেৰা মৰমৰ শিয়াল ঘৰলৈ আঁহা

সিংহৰ মাত শুনি শিয়ালে বুজি পালে
যে সিংহ ভিতৰত আছে । সি নিশ্চয়
ভোকাতুৰো-শিয়ালে ভাবিলে । সি
তাৰ পৰা দৌৰি পলাল । এইদৰেই
শিয়ালে তাৰ জীৱনটো ৰক্ষা কৰিলে
। সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিলে
লেখিকা-স্নিগ্ধাৰাণী গগৈ

Comments

Post a Comment

Popular posts from this blog

যাদুকৰী কলহ

এখন হাবিৰ কাষৰ গাঁৱত অলি আৰু তাইৰ বুঢ়ীমাকে এটা জুপুৰি ঘৰত বাস কৰিছিল । অলি এজনী কণমানি মৰমলগা ছোৱালী আছিল। আলিহঁত বৰ দুখীয়া আছিল।তাই আৰু বুঢ়ীমাকে কোনোমতেহে দুবেলা- দুমুঠী খাই জীয়াই আছিল । এদিনাখনৰ কথা।অলিহঁতৰ ঘৰত খাবলৈ একোৱেই নাছিল। বুঢ়ীমাকৰো সেইদিনা গাটো ভাল নাছিল। অলিৰ খুব ভোক লগাত তাই কাষৰ হাবিখনলৈকে কিবা ফল-মূল পায় নে কি বুলি বিচাৰি গ'ল। বেলি দুপৰ হ'ল।কিন্তু অলিয়ে খাবলৈ একোকে নাপালে।ভোকে-ভাগ ৰে জর্জৰিত হৈ অলিয়ে এজোপা গছৰ তলত জিৰণি ল'বলৈ বহি পৰিল। অতি সোনকালে তাই গছজোপাৰ তলতে টোপনিত ঢলি পৰিল।টোপিনিত অলিয়ে এটা সপোন দেখিলে। এজনী অতি ৰূপৱতী মহিলা অলিৰ কাষত আহি থিয় হ'লহি। মহিলাগৰাকীক অলিয়ে আগতে কেতিয়াও দেখা নাছিল। তাই সাহসেৰে সুধিলে-"তুমি কোন?""মই তোমাৰ বন্ধু"-মহিলাগৰা কীয়ে উত্তৰ দিলে। অলিয়ে হুমুনিয়াহ কাঢ়ি ক'লে- মই পুৱাৰে পৰা হাবিত খাবলৈ ফল-মূল বিচাৰিলো,কিন্তু ক'তোৱেই একো নাপালো।মোৰ খুব ভোক লাগিছে। ঘৰত মোৰ আয়ো ভোকাতুৰ হৈ আছে।তুমি আমাক খাবলৈ কিবা অলপ দিব পাৰিবানে? মহিলা গৰাকীয়ে আলিৰ ফালে চাই হাঁহিলে আৰু ক'লে-ম...

লেটিপেটি

এহাল মতাতিৰোতা আছিল । সিহঁতৰ বহুদিনৰ মূৰত ল'ৰা এটা উপজিলে আৰু তাৰ নাম থলে ঢ়েঁকী । ঢ়েঁকী ডাঙৰ হ'ল । সময়ত তাৰ বিয়াখনো হ'ল। পিচে তাৰ ঘৰ পায়ে তিৰোতাই ধান নবনা হ'ল।তাই ভাবিলে "কিজানি তাইৰ গিৰিয়েকৰ নামতে কিবা অপৰাধ আছে ।" সেই কাৰণে এদিন তাই গিৰিয়েকৰ নামটো সলাই আহিবলৈ গুৰু ঘৰলৈ পঠাই দিলে। সি গ'ল,গুৰুৱে তাৰ কথাটো বুজি পাই তাৰ নাম এজাৰ গুটি দি পঠাই দিলে। বাটত আহোঁতে নামটো পাহৰে বুলি এজাৰ গুটি এজাৰ গুটি বুলি আওঁৰাই আহি আছে। আগ নিশা এঘৰত চোৰে হাহঁ চুৰ কৰিলে। চোৰ ধৰা পৰা নাই।সেই কথালৈয়ে আলিৰ দাঁতিত গিৰিহঁতে মেল চপাইছে । গাৱঁতে এজাৰ গুটি নামৰ চোৰ আছিল । তাকে চোৰ বুলি সকলোৱে সন্দেহ কৰে। কিন্ত তাৰ ভয়ত মুখফালি কোনেও কবলৈ সাহ কৰা নাই। এজাৰ গুটি সেই মেলতে আছিল। ঢ়েকীঁয়ে ইপিনে সেইফেলেদি এজাৰ গুটি এজাৰ গুটি কে কৈ গৈ আছিল । সকলোৱে ভাবিলে ঢ়েকীয়ে এজাৰ গুটি কে চোৰ বুলি কৈছে , সকলোৱে এজাৰ গুটি গালি পাৰিব ধৰিলে। ইফেলে এজাৰ গুটিয়েও সহ্য কৰিব নোৱাৰি ঢ়েকীক আগভেটি ক'লে- তই কোন?মোৰ নাম কিয় ৰতি ফুৰিছ?কেতিয়া চোৰ কৰা দেখিছিলি? প্রমাণ দিব পাৰিবি? বুলি ঢ়েঁকীক মাৰি কিলাই পঠিয়াই দিলে। ঢ়েঁক...