এহাল মতাতিৰোতা আছিল । সিহঁতৰ বহুদিনৰ মূৰত ল'ৰা এটা উপজিলে আৰু তাৰ নাম থলে ঢ়েঁকী ।
ঢ়েঁকী ডাঙৰ হ'ল । সময়ত তাৰ বিয়াখনো হ'ল। পিচে তাৰ ঘৰ পায়ে তিৰোতাই ধান নবনা হ'ল।তাই ভাবিলে "কিজানি তাইৰ গিৰিয়েকৰ নামতে কিবা অপৰাধ আছে ।" সেই কাৰণে এদিন তাই গিৰিয়েকৰ নামটো সলাই আহিবলৈ গুৰু ঘৰলৈ পঠাই দিলে। সি গ'ল,গুৰুৱে তাৰ কথাটো বুজি পাই তাৰ নাম এজাৰ গুটি দি পঠাই দিলে। বাটত আহোঁতে নামটো পাহৰে বুলি এজাৰ গুটি এজাৰ গুটি বুলি আওঁৰাই আহি আছে।
আগ নিশা এঘৰত চোৰে হাহঁ চুৰ কৰিলে। চোৰ ধৰা পৰা নাই।সেই কথালৈয়ে আলিৰ দাঁতিত গিৰিহঁতে মেল চপাইছে । গাৱঁতে এজাৰ গুটি নামৰ চোৰ আছিল । তাকে চোৰ বুলি সকলোৱে সন্দেহ কৰে। কিন্ত তাৰ ভয়ত মুখফালি কোনেও কবলৈ সাহ কৰা নাই। এজাৰ গুটি সেই মেলতে আছিল।
ঢ়েকীঁয়ে ইপিনে সেইফেলেদি এজাৰ গুটি এজাৰ গুটি কে কৈ গৈ আছিল । সকলোৱে ভাবিলে ঢ়েকীয়ে এজাৰ গুটি কে চোৰ বুলি কৈছে , সকলোৱে এজাৰ গুটি গালি পাৰিব ধৰিলে। ইফেলে এজাৰ গুটিয়েও সহ্য কৰিব নোৱাৰি ঢ়েকীক আগভেটি ক'লে- তই কোন?মোৰ নাম কিয় ৰতি ফুৰিছ?কেতিয়া চোৰ কৰা দেখিছিলি? প্রমাণ দিব পাৰিবি? বুলি ঢ়েঁকীক মাৰি কিলাই পঠিয়াই দিলে। ঢ়েঁকী মাৰৰ কোবতে নামটো পাহৰি থাকিলে।
ঢ়েঁকী আকৌ নিৰুপায় হৈ গুৰু ঘৰ পালেগৈ। নামটো পাহৰি আহিলো বুলি গুৰুৰ আগত কোৱাত গুৰুৱে কথাবোৰ বৰ লেটিপেটি লগাইছে বুলি ক'লে। সি আকৌ ভাবিলে গুৰুৱে তাৰ নাম লটিপেটি দিলে। আকৌ সি আগৰ দৰে নামটো পাহৰে বুলি আওঁৰাই গৈ আছে।
বেলি পৰোঁ পৰোঁ হৈছে। জাকৈয়া ছোৱালী কিছুমানে মাছ মাৰি ঘৰলৈ উভতিছে।ঢ়েকীঁ আহি সিহঁতৰ ওচৰ পালেহি। তাৰ মাখত লেটিপেটি মাতষাৰ শুনি সিহঁত দাং খাই উঠিল। সিহঁতে ভাবিলে "বোকা পানীৰে জেলেপ-জোলোপকে অহা দেখিহে ই আমাক ফিচিঙা -ফিচিঙ কৰিছে । ৰ'তোক জোখেৰে দিম" বুলি কৈ সিহঁতে তাক পকামৌৱে বেৰাদি বেঢ়ি ধৰি নানা শাস্তি কৰি বোকালে ঠেলি দিহা দিহি গুছি গ'ল ।
ঢ়েকীঁ অবাক ! তাৰনো ইমান দূৰ্গতি কিয় হৈছে, সি তাৰ ততকে ধৰিব পৰা নাই। সি বোকাতে ৰ'ল । আকৌ নাম পাহৰিলে । বোকাবোৰকে লিৰিকিবিদাৰি আছে, নাম মনত নপৰেহে নপৰে।
বেলি পৰিবৰ হ'ল। ঢ়েঁকী উলটি নহা দেখি তাৰ ঘৈণীয়েকৰ বৰ চিন্তা হ'ল। বাটলৈ আগবাঢ়ি আহি বহুত দূৰ পালেগৈ। নিলগৰ পৰা বোকাত স্বামীক দেখি উধাতু খাই ওচৰ পালেগৈ। "তুমি ইয়াত কি কৰিছা "বুলি সোধোতে সি ক'লে "ৰ পাহৰিম" । পুনৰ তাই সুধিলে নামটো পালেনে ? সি মনত পেলাব চেষ্টা কৰি আছে।হথাৎ সি চিঞৰি ক'লে- "পালো ঔ পালো ,লেটিপেটি ঔ লেটিপেটি। "
লেখক-যুক্তনাথ মহন্ত ।
এসময়ত এখন হাবিত বৰ প্রকাণ্ড সিংহ এটাই বাস কৰিছিল।এদিনাখন তাৰ বৰ ভোক লাগিল।সি হাবিখনৰ ইফালে-সিফালে ঘূৰি ফুৰিলে,কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে।বহুত ঘূৰি-ফূৰি তাৰ ভাগৰ লাগিল। অৱশেষত সি শ্রান্ত-ক্লান্ত হৈ এঠাইত বাগৰি পৰিল । হঠাৎ সি এটা গুহা দেখা পালে আৰু ভাবিলে-নিশ্চয় এই গুহাটোৰ ভিতৰত কোনো জন্তুৱে বাস কৰে । সোনাকলেই সি বাহিৰলৈ ওলাই আহিব পাৰে । মই এই জোপোহাটোৰ আঁৰত লুকাই থাকোঁ। যেতিয়া সি বাহিৰলৈ ওলাই আহিব, মই তাক মাৰিম আৰু খাই পেলাম । ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ সমুখত জোপোহাটোৰ আঁৰত লুকাই থাকল।বহু সময় পাৰ হ'ল । কোনো জন্তুৱে কিন্তু গুহাৰ বাহিৰলৈ ওলাই নাহিল। সিংহটোৱে ভাবিলে-সি নিশ্চয় আগেয়েই বাহিৰলৈ ওলাই গৈছে । সোনকালেই ঘূৰি আহিব । গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগে । যেতিয়া সি গুহাটোত সোমাব,মই তাক মাৰি খাই পেলাম।সেইকাৰণে সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল।সেই সময়ত শিয়ালটো বাহিৰলৈ গৈছিল। এতিয়া সি ঘূৰি আহিছে । সি গুহাটোত সোমাওঁ-সোমাওঁ কৰিছিলেই,এনেতে সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল। শিয়ালটোৱে ভাবি...
ভাল লাগিল পঢ়ি
ReplyDeleteভাল লাগিল পঢ়ি আৰু নতুন আছে জদি দিব চুন 🙏🙏🙏
ReplyDelete