Skip to main content

যাদুকৰী কলহ

এখন হাবিৰ কাষৰ গাঁৱত অলি আৰু তাইৰ
বুঢ়ীমাকে এটা জুপুৰি ঘৰত বাস কৰিছিল
। অলি এজনী কণমানি মৰমলগা ছোৱালী
আছিল। আলিহঁত বৰ দুখীয়া আছিল।তাই
আৰু বুঢ়ীমাকে কোনোমতেহে দুবেলা-
দুমুঠী খাই জীয়াই আছিল ।
এদিনাখনৰ কথা।অলিহঁতৰ ঘৰত খাবলৈ
একোৱেই নাছিল। বুঢ়ীমাকৰো সেইদিনা
গাটো ভাল নাছিল। অলিৰ খুব ভোক
লগাত তাই কাষৰ হাবিখনলৈকে কিবা
ফল-মূল পায় নে কি বুলি বিচাৰি গ'ল।
বেলি দুপৰ হ'ল।কিন্তু অলিয়ে খাবলৈ
একোকে নাপালে।ভোকে-ভাগ ৰে
জর্জৰিত হৈ অলিয়ে এজোপা গছৰ তলত
জিৰণি ল'বলৈ বহি পৰিল। অতি
সোনকালে তাই গছজোপাৰ তলতে
টোপনিত ঢলি পৰিল।টোপিনিত অলিয়ে
এটা সপোন দেখিলে।
এজনী অতি ৰূপৱতী মহিলা অলিৰ কাষত
আহি থিয় হ'লহি। মহিলাগৰাকীক
অলিয়ে আগতে কেতিয়াও দেখা নাছিল।
তাই সাহসেৰে সুধিলে-"তুমি কোন?""মই
তোমাৰ বন্ধু"-মহিলাগৰা কীয়ে উত্তৰ
দিলে। অলিয়ে হুমুনিয়াহ কাঢ়ি ক'লে-
মই পুৱাৰে পৰা হাবিত খাবলৈ ফল-মূল
বিচাৰিলো,কিন্তু ক'তোৱেই একো
নাপালো।মোৰ খুব ভোক লাগিছে। ঘৰত
মোৰ আয়ো ভোকাতুৰ হৈ আছে।তুমি আমাক
খাবলৈ কিবা অলপ দিব পাৰিবানে?
মহিলা গৰাকীয়ে আলিৰ ফালে চাই
হাঁহিলে আৰু ক'লে-মইনা এই কলহটো
লোৱা।ই এটা যাদুকৰী কলহ। এই
কলহটোৰ ভিতৰত অলপ পানী ভৰাই জুইৰ
ওপৰত ৰাখিবা আৰু তুমি যি খাদ্য
খাবলৈ বিচৰা তাকে পাবা। তুমি আৰু
ভোকত থাকিব নালাগে ।
হঠাৎ অলিয়ে টোপনিৰ পৰা সাৰ পালে।
তাই ইফালে-সিফালে চাই
মহিলাগৰাকীক দেখা নাপালে।কিন্তু
তাইৰ কাষতে এটা কলহ দেখি বৰ
আচৰিত হ'ল আৰু আনন্দিতও হ'ল।কলহটো
লৈ তাই ৰংমনেৰে ঘৰলৈ গ'ল।
ঘৰত বুঢ়ীমাকক তু সপোনৰ কথা বিৱৰি
ক'লে আৰু কলহটো বুঢ়ীমাকৰ হাতত দিলে

সিহঁতে কলহটো যাদুকৰী হয় নে
নহয়,পৰীক্ষা কৰি চাবলৈ সাজু হ'ল ।
দুয়ো একুৰা জুই ধৰিলে আৰু কলহটোত অলপ
পানী ভৰাই জুইৰ ওপৰত তুলি দিলে ।
অলিয়ে ক'লে-হে যাদুকৰী কলহ তুমি
আমাক এসাঁজ সুস্বাদু আহাৰ দিয়া । কিছু
সময় পাছতেই কলহটোত খাদ্য প্রস্তুত
হ'ল। সিঁহত দুয়ো আচৰিত হ'ল আৰু কলহৰ
পৰা আহাৰ লৈ ভোক গুচাই খালে ।
তেতিয়াৰ পৰা অলি আৰু তাইৰ বুঢ়ীমাক
কোনো দিনেই লঘোনে থাকিব লগা
নহ'লে,কিয়নো যাদুকৰী কলহটোৱে
প্রতিদিনে সিঁহত দুয়োকে সুস্বাদু
আহাৰৰ যোগান ধৰা হ'ল। অলি আৰু
বুঢ়ীমাক সুখত থাকিব ধৰিলে ।
লিখক-হোমেন লস্কৰ

Comments

Post a Comment