Skip to main content

Posts

Showing posts from January, 2016

লেটিপেটি

এহাল মতাতিৰোতা আছিল । সিহঁতৰ বহুদিনৰ মূৰত ল'ৰা এটা উপজিলে আৰু তাৰ নাম থলে ঢ়েঁকী । ঢ়েঁকী ডাঙৰ হ'ল । সময়ত তাৰ বিয়াখনো হ'ল। পিচে তাৰ ঘৰ পায়ে তিৰোতাই ধান নবনা হ'ল।তাই ভাবিলে "কিজানি তাইৰ গিৰিয়েকৰ নামতে কিবা অপৰাধ আছে ।" সেই কাৰণে এদিন তাই গিৰিয়েকৰ নামটো সলাই আহিবলৈ গুৰু ঘৰলৈ পঠাই দিলে। সি গ'ল,গুৰুৱে তাৰ কথাটো বুজি পাই তাৰ নাম এজাৰ গুটি দি পঠাই দিলে। বাটত আহোঁতে নামটো পাহৰে বুলি এজাৰ গুটি এজাৰ গুটি বুলি আওঁৰাই আহি আছে। আগ নিশা এঘৰত চোৰে হাহঁ চুৰ কৰিলে। চোৰ ধৰা পৰা নাই।সেই কথালৈয়ে আলিৰ দাঁতিত গিৰিহঁতে মেল চপাইছে । গাৱঁতে এজাৰ গুটি নামৰ চোৰ আছিল । তাকে চোৰ বুলি সকলোৱে সন্দেহ কৰে। কিন্ত তাৰ ভয়ত মুখফালি কোনেও কবলৈ সাহ কৰা নাই। এজাৰ গুটি সেই মেলতে আছিল। ঢ়েকীঁয়ে ইপিনে সেইফেলেদি এজাৰ গুটি এজাৰ গুটি কে কৈ গৈ আছিল । সকলোৱে ভাবিলে ঢ়েকীয়ে এজাৰ গুটি কে চোৰ বুলি কৈছে , সকলোৱে এজাৰ গুটি গালি পাৰিব ধৰিলে। ইফেলে এজাৰ গুটিয়েও সহ্য কৰিব নোৱাৰি ঢ়েকীক আগভেটি ক'লে- তই কোন?মোৰ নাম কিয় ৰতি ফুৰিছ?কেতিয়া চোৰ কৰা দেখিছিলি? প্রমাণ দিব পাৰিবি? বুলি ঢ়েঁকীক মাৰি কিলাই পঠিয়াই দিলে। ঢ়েঁক...

যাদুকৰী কলহ

এখন হাবিৰ কাষৰ গাঁৱত অলি আৰু তাইৰ বুঢ়ীমাকে এটা জুপুৰি ঘৰত বাস কৰিছিল । অলি এজনী কণমানি মৰমলগা ছোৱালী আছিল। আলিহঁত বৰ দুখীয়া আছিল।তাই আৰু বুঢ়ীমাকে কোনোমতেহে দুবেলা- দুমুঠী খাই জীয়াই আছিল । এদিনাখনৰ কথা।অলিহঁতৰ ঘৰত খাবলৈ একোৱেই নাছিল। বুঢ়ীমাকৰো সেইদিনা গাটো ভাল নাছিল। অলিৰ খুব ভোক লগাত তাই কাষৰ হাবিখনলৈকে কিবা ফল-মূল পায় নে কি বুলি বিচাৰি গ'ল। বেলি দুপৰ হ'ল।কিন্তু অলিয়ে খাবলৈ একোকে নাপালে।ভোকে-ভাগ ৰে জর্জৰিত হৈ অলিয়ে এজোপা গছৰ তলত জিৰণি ল'বলৈ বহি পৰিল। অতি সোনকালে তাই গছজোপাৰ তলতে টোপনিত ঢলি পৰিল।টোপিনিত অলিয়ে এটা সপোন দেখিলে। এজনী অতি ৰূপৱতী মহিলা অলিৰ কাষত আহি থিয় হ'লহি। মহিলাগৰাকীক অলিয়ে আগতে কেতিয়াও দেখা নাছিল। তাই সাহসেৰে সুধিলে-"তুমি কোন?""মই তোমাৰ বন্ধু"-মহিলাগৰা কীয়ে উত্তৰ দিলে। অলিয়ে হুমুনিয়াহ কাঢ়ি ক'লে- মই পুৱাৰে পৰা হাবিত খাবলৈ ফল-মূল বিচাৰিলো,কিন্তু ক'তোৱেই একো নাপালো।মোৰ খুব ভোক লাগিছে। ঘৰত মোৰ আয়ো ভোকাতুৰ হৈ আছে।তুমি আমাক খাবলৈ কিবা অলপ দিব পাৰিবানে? মহিলা গৰাকীয়ে আলিৰ ফালে চাই হাঁহিলে আৰু ক'লে-ম...

ভগৱানৰ জ্ঞানৰ বিচাৰক

বহুবছৰৰ পূৰ্বৰ কথা। কাশ্মীৰত এজন লোক আছিল।তেঁও তেনেই সৰু সৰু কথা কিছুমানতে খুহ-খুহাই থকা স্বভাৱাৰ আছিল। এদিন দুপৰীয়াৰ অসহ্যকৰ গৰমত তেঁও ওলাই গৈছিল কিবা এটা কামত। এনেয়ে গৰমৰ দিন, তাতে আকৌ সেইদিনা আছিল প্ৰচণ্ড ৰ'দ। উপায়হীন হৈ তেঁও পথাৰ এখনৰ মাজত থকা কাঠবাদমৰ গছ এজোপাৰ তলতে ক্ষন্তেক জিৰণি ল'বলৈ বহিল । মানুহজনে চাৰিওপিনে চকু ফুৰাই চাই দেখিবলৈ পালে এজোপা কোমোৰাৰ গছ । গছজোপাত কেইবাটাও প্ৰকাণ্ড প্ৰকাণ্ড কোমোৰা ওলমি আছে। তেঁও মুখ ফুটাই ডাঙৰকৈয়ে ক'বলৈ ধৰিলে- হে' ভগৱান ! আপোনাৰ কাণ্ডজ্ঞান অলপো নাই নেকি? থকা হলে এনে মূৰ্খামি আপুনি কেতিয়াও নকৰিলেহেঁতেন । ইমান প্ৰকাণ্ড কাঠবাদমৰ গছজোপাক দিছে ক্ষুদ্ৰ ক্ষুদ্ৰ ফলবোৰ আৰু এই লেহুকা কোমোৰা লতাজোপাক দিছে প্ৰকাণ্ড প্ৰকাণ্ড কোমোৰাবোৰ । আপোনাক বিচাৰ- বিবেচনাহী ন বুলি ক'বলৈ মোক আপুনিয়েই বাধ্য কৰাইছে। যদি আপুনি এনে নকৰি ইয়াৰ ওলোটাতো কৰিলেহেঁতেন তেতিয়াহে আপোনাৰ জ্ঞান গৰিমা আৰু বিবেচনাৰ পৰিচয় পালোঁহেতেন। তেনেতে টুপুককৈ এটা কাঠবাদম সৰি মানুহজনৰ মুৰতে পৰিল। তেওঁ ভয়তে উচপ্ খাই উঠিল।তাৰ পিছত পুনৰ তেওঁ ভগৱানক উদ্দেশ...

মূর্খৰ যাত্রা(এদল মূর্খৰ কথা)

এবাৰ এজন মূর্খই এখন গাঁৱৰপৰা আন এখন গাঁৱলৈ যাঁওতে বাট ভুল কৰিলে । কেনি যাব লাগে বাটটো ঠিক কৰিব নোৱাৰি অন্য এজনমানুহক সুধিলে,"ককাই,সেই গাঁওখনলৈ কোনপিনে যায় ?" গাঁৱৰ মানুহজনে ক'লে,"সেই নদীখনৰ পাৰত থকা ডাঙৰ গছজোপাৰ আগত যিটো বাট সেই বাটেদি গ'লেই পাবা ।" নদীৰ পাৰ পাই মূর্খজনে ভাবিলে,বাটটো গছৰ আগতহে আছে,এতিয়া গছজোপাত উঠি যোৱাহে কথা ! এইবুলি তেঁও গছত উঠি গৈ গৈ একেবাৰে গছৰ আগ পালেগৈ । মানুহজনৰ ভৰ সহিব নোৱাৰি গছৰ আগটো দোঁ খাই পৰিল আৰু মানুহজনে ডালে-পাতে ধৰি কথমপি ওলমি থাকিল। এনেকৈ কিছুপৰ যোৱাৰ পিছত সেইফালেদি হাতীত উঠি হাতীৰ মাউত এজন যোৱা দেখিবলৈ পালে । হাতীমাউতক দেখি মূর্খজনে কাতৰ কৰি মাতিলে,ককাই ঔ,মোক বচোৱা, যেনেতেনে মোক গছৰ আগৰপৰা নমাই দিয়া ।" হাতীমাউটোৰ মানুহটোৰ অৱস্থা দেখি বেয়া লাগিল আৰু তেঁওক নমাই আনিবলৈ বুলি হাতীটোৰ ওপৰত উঠি থিয় হ'ল আৰু ওলমি থকা মানুহজনৰ ভৰি দুটাত দুয়ো হাতেৰে ধৰিলে । ইতিমধ্যেই হাতীটো আতৰি গ'ল । ফলত হাতীমাউতে মূর্খ মানুহজনৰ ভৰিত ধৰি আৰু মূর্খ মানুহজনে গছৰ ডালত ধৰি ওলমি থাকিল । এনেকুৱা এটা অৱস্থা হ'ল যে তেঁওলোকে কি কৰিব কেনেকৈ ম...

এদল মূর্খৰ কথা(৩টা সাধু)

¤মূর্খৰ পুৰস্কাৰ¤ এসময়ত এখন দেশত এজন ধনী মানুহ আছিল।বৰ ধুনীয়াকৈ গান গাব জনা মানুহ এজনৰ গান শুনি তেওঁ এদিন বৰ আনন্দ পালে আৰু লগে লগে তেওঁৰ ধনভঁৰালীক মাতি আনি ক'লে- এওঁ এজন বৰ ভাল গায়ক। তেঁওৰ গীতত মুগ্ধ হৈছো।তেঁওক দুহেজাৰ মুদ্রা পুৰস্কাৰা ৰূপে মোৰ ধন ভঁৰালৰ পৰা দিয়াগৈ । ধনভঁৰালীয়ে ভাল বাৰু বুলি শলাগি ওলাই যোৱাত গায়কজনে পিছে পিছে গ'ল আৰু পুৰস্কাৰটি আনন্দমনেৰে বিচাৰিলে । ধন ভঁৰালীয়ে গিৰিহঁতৰ স্বভাৱৰ কথা জানে আৰু সেই বাবে পুৰস্কাৰ দিব নোৱাৰো বুলি গায়জনক একে আষাৰেই কৈ বিদায় দিলে । গায়কজনে আচৰিত হৈ পুনৰ ধনী মানুহজনৰ কাষ পালেহি আৰু ধনভঁৰালীয়ে পুৰস্কাৰ দিব নোখোজাৰ কথা কৈ দিলেহি । ধনী মানুহজনে কেটেৰাই ক'লে-তুমিনো মোক কি দিছাহে? মই যে তোমাক পুৰষ্কাৰ দিব লাগে। তুমি মোৰ কাণৰ কাষত গীত গাই,বীণা বজাই শুনাই খন্তেকৰ কাৰণেহে আনন্দ দিলা।ময়ো তেনেকৈ পুৰষ্কাৰ দিম বুলি তোমাক খন্তেকীয়া সন্তোষ দিলো। মূখ্যমানুহজনৰ কথা শুনি গায়কজনে হাঁহিহে উঠিল। মূর্খ মানুহে সংগীতৰ কি মূল্য দিব। এইবুলি ভাবি পুৰস্কাৰৰ আশা ত্যাগ কৰি তেঁও ঘৰলৈ গ'লগৈ। এইজনৰ কথা শুনি শিলেও নাহাঁহিবনে বাৰু? সংগ্রহ-কথা-সৰিৎ-সাগৰ লেখিক...

মূৰ্খ আৰু চামৰাৰ বাকচ(এদল মূৰ্খৰ কথা)

এখন দেশত এজন সদাগৰ আছিল।সদাগৰজনে উট এটাৰ পিঠিত তেওঁৰবহা-বেপাৰৰ বস্তু বোজাই দি অ'ৰপৰাত'লৈ গৈছিল । বিৰাট টালি টোপোলাৰহেঁ চাত উটটোৱে কষ্ট পোৱা দেখিসদাগৰজনৰ বৰ বেয়া লাগিল।সেইদেখি আধা বাটতে উটটো ৰখাই তেঁওলগুৱাকেইটাক ক'লে- মই আৰু এটা উটবিচাৰিবলৈ যাঁও পালেই কিনি আনিম।তহঁত ইয়াত থাক উটটোক চকু দিবি। আৰুচাবি বৰষুণ আহিলে বৰষুণৰ পানী যাতেচামৰাৰ বাকচকেইটাত নপৰে ।বাকচকেইটাত কাপোৰ ভৰি আছে।এইবুলি লগুৱা কেইটাক দিহা দি সিঁহতৰতত্বাবধানত উটটো আৰু বয়বস্তুবোৰ এৰিসদাগৰজন আৰু এটা উট কিনিবৰ মনেৰেগ'লগৈ। সদাগৰজন যোৱাৰ দুদিনমানপিছত বতৰটো সঁচাকৈয়ে এদিনডাৱৰীয়া হ'ল আৰু চাওঁতে চাওঁতেইবতাহ বৰষুণ ওন্দোলাই আহিল। বৰষুণদিবলৈ ধৰা দেখি লগুৱাকেইটাইচিয়ৰ-বাখৰ লগালে, ইটোৱে সিটোকক'লে-হেৰৌ কি কৰ এতিয়া? হয়নে কিকৰ? গৰাকীয়ে কি কৈ গৈছিল? বৰষুণতচামৰাৰ বাকচ যাতে নিতিতে তাৰব্যবস্থা কৰিবলৈ কৈছিল নহয়? কি কৰাযায়? এটা কাম আমি নকৰো কেলেই?বাকচৰ ভিতৰৰ কাপোৰখিনি উলিয়াইতাৰে বাকচবোৰৰ চামৰাবোৰ ঢ়াকিদিলেই হয় দেখোন অ! হয় হয় এইটোৱেইভাল উপায় । এইবুলি লগুৱাকেইটাইবাকচকেইটা ভাঙি তাৰ পৰা দামীদামী ধুনীয়া কাপোৰবোৰ উলিয়াইতাৰে বাকচৰ ওপৰ...

মেকুৰীৰ জীয়েকৰ সাধু

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল | তাই গাভিনী হৈছিল | ঘৰৰ গিৰিহঁতনীৰো ঠিক সেই সময়তে গা-ভাৰী আছিল | মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক’লে | গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হে, তই চপাই কোচাই আনি দিলেহে মই খাবলৈ আনি দিব পাৰোঁ | নহ’লেনো মই ক’ৰপৰা দিম ?” ইয়াকে শুনি মেকুৰিজনীয়ে সেই দিনাখনৰপৰা অইনৰ ঘৰৰপৰা চুৰ-তাৰি কৰি বা ডকা-হকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে | ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে | সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নেপায় | ইয়াতে তাইৰ মনৰ বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে, “মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক, আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক |” ইয়াৰ কিছুদিনৰ পাছতে সঁচাসঁচিকৈ গিৰিহঁতনীয়ে দুটা মেকুৰীপোৱালী পালে আৰু মেকুৰীজনীয়ে ছোৱালী দুজনী পালে | আতৌ-পুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনোৰকমে ডাঙৰ কৰিলে | ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ-গাখীৰ ইত্যাদি বিচাৰি যায় | ছোৱালী দুজনী জনা হ’লত সিহঁতে এদিন মাকক ক’লে, “আই তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহ’লে আমি কেনেকৈ জানিম আৰু কি কৰিম...

ৰামধন আৰু ভূত

ৰামধন বৰ দুখীয়া মানুহ। ইঘৰ সিঘৰৰ তাত দিন মজুৰি লৈ কাম কৰি যি দুপইচা পাই তাৰেই কোনোমতে ল'ৰা তিৰোতাৰ সৈতে খাই জীয়াই আছে। ৰামধনৰ ঘৰ বৰকুছি গাঁৱত। ৰাতিপুৱাতে দাখন হাতত লৈ সি পলাশবাৰীলৈ আহে আৰু হাজিৰা কাম কৰি ৰাতি প্রায় নটামান বজাত ঘৰলৈ যায়গৈ । বৰকুছিলৈ যোৱা সৰু বাটটোৰ দক্ষিণ পিনে কেইজোপামান বাঁহ আছে। সেই বাঁহ কেইজোপাৰ উত্তৰে এটা প্রকাণ্ড পুখুৰী আছে। কোনোবাই বাঁহ কাটিব লাগিলে সেই পুখুৰীৰ পূৱ পিনে গৈহে বাঁহ কাটিব পাৰে। সেইদিনা শনিবাৰ। ৰামধন আনদিনাৰ দৰে সেই দিনাও ৰাতিপুৱাতে দাখন হাতত লৈ পলাশবাৰী বজাৰলৈ ওলাই আহিছে। কি যে দুর্ভাগ্য তাৰ সেই দিনাখন। কোনোৱে তাক সেইদিনা কাম কৰিবলৈ নিদিলে। ৰামধনে এতিয়া কি কৰিব! উপায় নাপাই ভৰ দুপৰীয়া সি ঘৰলৈ খোজ ললে। দুপৰীয়া সময়। কোনো মানুহ এটিও অহা নাই সেই বৰকুছিৰ বাটটোৰে ।ৰামধন ঘৰলৈ বুলি গৈ আছে এনেতে দেখে যে এজন মানুহ তাৰ ওচৰলৈ দৌৰি আহিছে। মানুহজন ৰামধনৰ সন্মুখত থিয় হৈ ফোঁপাই জোপাই কলে- হেৰা ককাই মোক অলপ সহায় কৰিবানে??? ৰামধনে সেই মানুহজনৰ কথা শুনি কলে-কোৱা তোমাক বাৰু মই কেনেকৈ সহায় কৰিব লাগে??? মানুহজনে কলে-পুখুৰীটোৰ সিপাৰে থকা বাঁহজোপাৰ পৰা এটা বাঁহ কাটিলোঁ ...