Skip to main content

এদল মূর্খৰ কথা(৩টা সাধু)

¤মূর্খৰ পুৰস্কাৰ¤

এসময়ত এখন দেশত এজন ধনী মানুহ আছিল।বৰ ধুনীয়াকৈ গান গাব জনা মানুহ এজনৰ গান শুনি তেওঁ এদিন বৰ আনন্দ পালে আৰু লগে লগে তেওঁৰ ধনভঁৰালীক মাতি আনি ক'লে- এওঁ এজন বৰ ভাল গায়ক। তেঁওৰ গীতত মুগ্ধ হৈছো।তেঁওক দুহেজাৰ মুদ্রা পুৰস্কাৰা ৰূপে মোৰ ধন ভঁৰালৰ পৰা দিয়াগৈ । ধনভঁৰালীয়ে ভাল বাৰু বুলি শলাগি ওলাই যোৱাত গায়কজনে পিছে পিছে গ'ল আৰু পুৰস্কাৰটি আনন্দমনেৰে বিচাৰিলে । ধন ভঁৰালীয়ে গিৰিহঁতৰ স্বভাৱৰ কথা জানে আৰু সেই বাবে পুৰস্কাৰ দিব নোৱাৰো বুলি গায়জনক একে আষাৰেই কৈ বিদায় দিলে । গায়কজনে আচৰিত হৈ পুনৰ ধনী মানুহজনৰ কাষ পালেহি আৰু ধনভঁৰালীয়ে পুৰস্কাৰ দিব নোখোজাৰ কথা কৈ দিলেহি । ধনী মানুহজনে কেটেৰাই ক'লে-তুমিনো মোক কি দিছাহে? মই যে তোমাক পুৰষ্কাৰ দিব লাগে। তুমি মোৰ কাণৰ কাষত গীত গাই,বীণা বজাই শুনাই খন্তেকৰ কাৰণেহে আনন্দ দিলা।ময়ো তেনেকৈ পুৰষ্কাৰ দিম বুলি তোমাক খন্তেকীয়া সন্তোষ দিলো। মূখ্যমানুহজনৰ কথা শুনি গায়কজনে হাঁহিহে উঠিল। মূর্খ মানুহে সংগীতৰ কি মূল্য দিব। এইবুলি ভাবি পুৰস্কাৰৰ আশা ত্যাগ কৰি তেঁও ঘৰলৈ গ'লগৈ। এইজনৰ কথা শুনি শিলেও নাহাঁহিবনে বাৰু? সংগ্রহ-কথা-সৰিৎ-সাগৰ লেখিকা-ড০ নির্মলপ্রভা বৰদলৈ

¤মূর্খ লগুৱা আৰু দুৱাৰ¤

এজন সদাগৰৰ এখন দোকান আছিল। এদিন দুপৰীয়া ঘৰলৈ ভাত খাবলৈ যাবৰ পৰত নতুনকৈ কামত সোমোৱা লগুৱা এটাক ক'লে- দুৱা খন খোলা আছে, ভালকৈ চকু দি থাকিবি মই ঘৰৰ পৰা সাউতকৈ আহোঁগৈ। সদাগৰে এইবুলি কৈ ঘৰলৈ গ'ল। সেই সময়তে দোকানৰপৰা কিছূ দূৰত বহুৱা এটাই চং দেখুৱাই আছিল। লগুৱাটোৱে ভাবিলে,দুৱাৰ খনত চকু দিবলৈহে কৈছে,দুৱাৰখন পিঠিত বান্ধি লৈ গ'লেই হয়চোন। একে সময়তে দুৱাৰখন চাই থকাও হ'ব বহুৱাটোৰ ভাও চোৱাও হ'ব। এইদৰে ভাবি লগুৱাটোৱে দোকানৰ দুৱাৰখন ভাঙি নিজৰ পিঠিত বান্ধি লৈ বহুৱাৰ ভাও চাবলৈ গ'ল। দোকানৰ বয়-বস্তুৰে সৈকে অকলে পৰি থাকিল। মূর্খ লগুৱাটোৰ পিঠিত দুৱাৰ বন্ধা কাণ্ড দেখি আটায়ে হাঁহিলে। সদাগৰে ভালকৈ এজাউৰি দিলে। ভাগ্য দোকানখনত একো চুৰি নহ'ল। মূর্খবোৰে কথাবোৰ ওপৰে বুজে, ভালকৈ টলকি চাব নাজানে আৰু এনেকৈয়ে নিজেও লটি-ঘটি হয়, আনকো লটি-ঘটি কৰে। সংগ্রহ- কথা-সৰিৎ-সাগৰ লেখিকা-ড০ নির্মলপ্রভা বৰদলৈ।

¤মূর্খ আৰু পিঠা

এখন দেশত এজন মানুহৰ বৰ ভোক লগাত আৰু ঘৰতো একো ৰন্ধা বস্তু নথকাত বজাৰলৈ গ'ল আৰু মুদ্রা এটা দি পিঠা আঠখন কিনিলে। ঘৰলৈ আহি তেঁও এখন এখনকৈ ছখন পিঠা খোৱাতো ভোক নুগুচাত সপ্তম পিঠাখন খোৱাত তেঁওৰ ভোক গুচিল। মানুহজনে তেতিয়া নিজকে গালি পাৰিলে আৰু ওচৰ-চুবুৰীয়াকো চিয়ঁৰি কল- চোৱাচোন মই এনে ভুল কাম কৰিব পাওঁনে! সপ্তম পিঠাখন প্রথমতে খোৱা হ'লেতো মোৰ ভোক গুচে। তাকে নকৰি মই এখন এখনকৈ সাত খন পিঠা খাব লাগেন? সপ্তমপিঠাখন প্রথমেই খাই আগৰ ছখন পিঠা মই সাঁচি থ'ব লাগিছিল। মানুহজনৰ কথা শুনি ওচৰ চুবুৰীয়াই ফিচিঙা- ফিচিঙি কৰি মুখত কাপোৰ দি হাঁহিবলৈ ধৰিলে। ইজন সিজনক ক'লে-চোৱাচোন মূর্খটোৰ কথা। সাতখন পিঠা খালতহে যে তাৰ ভোক গুচিল সেই সামান্য কথাটোকে সি বুজা নাই। নিজৰ অজ্ঞতা প্রকাশ কৰি মূর্খই সদাক আনক হাঁহিবলৈ সুযোগ দিয়ে । সংগ্রহ-কথা-সৰিৎ-সাগৰ লেখিকা-ড০ নির্মলপ্রভা বৰদলৈ

Comments

Post a Comment

Popular posts from this blog

কথা কোৱা গুহা

এসময়ত এখন হাবিত বৰ প্রকাণ্ড সিংহ এটাই বাস কৰিছিল।এদিনাখন তাৰ বৰ ভোক লাগিল।সি হাবিখনৰ ইফালে-সিফালে ঘূৰি ফুৰিলে,কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে।বহুত ঘূৰি-ফূৰি তাৰ ভাগৰ লাগিল। অৱশেষত সি শ্রান্ত-ক্লান্ত হৈ এঠাইত বাগৰি পৰিল । হঠাৎ সি এটা গুহা দেখা পালে আৰু ভাবিলে-নিশ্চয় এই গুহাটোৰ ভিতৰত কোনো জন্তুৱে বাস কৰে । সোনাকলেই সি বাহিৰলৈ ওলাই আহিব পাৰে । মই এই জোপোহাটোৰ আঁৰত লুকাই থাকোঁ। যেতিয়া সি বাহিৰলৈ ওলাই আহিব, মই তাক মাৰিম আৰু খাই পেলাম । ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ সমুখত জোপোহাটোৰ আঁৰত লুকাই থাকল।বহু সময় পাৰ হ'ল । কোনো জন্তুৱে কিন্তু গুহাৰ বাহিৰলৈ ওলাই নাহিল। সিংহটোৱে ভাবিলে-সি নিশ্চয় আগেয়েই বাহিৰলৈ ওলাই গৈছে । সোনকালেই ঘূৰি আহিব । গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগে । যেতিয়া সি গুহাটোত সোমাব,মই তাক মাৰি খাই পেলাম।সেইকাৰণে সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল।সেই সময়ত শিয়ালটো বাহিৰলৈ গৈছিল। এতিয়া সি ঘূৰি আহিছে । সি গুহাটোত সোমাওঁ-সোমাওঁ কৰিছিলেই,এনেতে সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল। শিয়ালটোৱে ভাবি...

যাদুকৰী কলহ

এখন হাবিৰ কাষৰ গাঁৱত অলি আৰু তাইৰ বুঢ়ীমাকে এটা জুপুৰি ঘৰত বাস কৰিছিল । অলি এজনী কণমানি মৰমলগা ছোৱালী আছিল। আলিহঁত বৰ দুখীয়া আছিল।তাই আৰু বুঢ়ীমাকে কোনোমতেহে দুবেলা- দুমুঠী খাই জীয়াই আছিল । এদিনাখনৰ কথা।অলিহঁতৰ ঘৰত খাবলৈ একোৱেই নাছিল। বুঢ়ীমাকৰো সেইদিনা গাটো ভাল নাছিল। অলিৰ খুব ভোক লগাত তাই কাষৰ হাবিখনলৈকে কিবা ফল-মূল পায় নে কি বুলি বিচাৰি গ'ল। বেলি দুপৰ হ'ল।কিন্তু অলিয়ে খাবলৈ একোকে নাপালে।ভোকে-ভাগ ৰে জর্জৰিত হৈ অলিয়ে এজোপা গছৰ তলত জিৰণি ল'বলৈ বহি পৰিল। অতি সোনকালে তাই গছজোপাৰ তলতে টোপনিত ঢলি পৰিল।টোপিনিত অলিয়ে এটা সপোন দেখিলে। এজনী অতি ৰূপৱতী মহিলা অলিৰ কাষত আহি থিয় হ'লহি। মহিলাগৰাকীক অলিয়ে আগতে কেতিয়াও দেখা নাছিল। তাই সাহসেৰে সুধিলে-"তুমি কোন?""মই তোমাৰ বন্ধু"-মহিলাগৰা কীয়ে উত্তৰ দিলে। অলিয়ে হুমুনিয়াহ কাঢ়ি ক'লে- মই পুৱাৰে পৰা হাবিত খাবলৈ ফল-মূল বিচাৰিলো,কিন্তু ক'তোৱেই একো নাপালো।মোৰ খুব ভোক লাগিছে। ঘৰত মোৰ আয়ো ভোকাতুৰ হৈ আছে।তুমি আমাক খাবলৈ কিবা অলপ দিব পাৰিবানে? মহিলা গৰাকীয়ে আলিৰ ফালে চাই হাঁহিলে আৰু ক'লে-ম...

লেটিপেটি

এহাল মতাতিৰোতা আছিল । সিহঁতৰ বহুদিনৰ মূৰত ল'ৰা এটা উপজিলে আৰু তাৰ নাম থলে ঢ়েঁকী । ঢ়েঁকী ডাঙৰ হ'ল । সময়ত তাৰ বিয়াখনো হ'ল। পিচে তাৰ ঘৰ পায়ে তিৰোতাই ধান নবনা হ'ল।তাই ভাবিলে "কিজানি তাইৰ গিৰিয়েকৰ নামতে কিবা অপৰাধ আছে ।" সেই কাৰণে এদিন তাই গিৰিয়েকৰ নামটো সলাই আহিবলৈ গুৰু ঘৰলৈ পঠাই দিলে। সি গ'ল,গুৰুৱে তাৰ কথাটো বুজি পাই তাৰ নাম এজাৰ গুটি দি পঠাই দিলে। বাটত আহোঁতে নামটো পাহৰে বুলি এজাৰ গুটি এজাৰ গুটি বুলি আওঁৰাই আহি আছে। আগ নিশা এঘৰত চোৰে হাহঁ চুৰ কৰিলে। চোৰ ধৰা পৰা নাই।সেই কথালৈয়ে আলিৰ দাঁতিত গিৰিহঁতে মেল চপাইছে । গাৱঁতে এজাৰ গুটি নামৰ চোৰ আছিল । তাকে চোৰ বুলি সকলোৱে সন্দেহ কৰে। কিন্ত তাৰ ভয়ত মুখফালি কোনেও কবলৈ সাহ কৰা নাই। এজাৰ গুটি সেই মেলতে আছিল। ঢ়েকীঁয়ে ইপিনে সেইফেলেদি এজাৰ গুটি এজাৰ গুটি কে কৈ গৈ আছিল । সকলোৱে ভাবিলে ঢ়েকীয়ে এজাৰ গুটি কে চোৰ বুলি কৈছে , সকলোৱে এজাৰ গুটি গালি পাৰিব ধৰিলে। ইফেলে এজাৰ গুটিয়েও সহ্য কৰিব নোৱাৰি ঢ়েকীক আগভেটি ক'লে- তই কোন?মোৰ নাম কিয় ৰতি ফুৰিছ?কেতিয়া চোৰ কৰা দেখিছিলি? প্রমাণ দিব পাৰিবি? বুলি ঢ়েঁকীক মাৰি কিলাই পঠিয়াই দিলে। ঢ়েঁক...