এবাৰ এজন মূর্খই এখন গাঁৱৰপৰা আন এখন গাঁৱলৈ যাঁওতে বাট ভুল কৰিলে । কেনি যাব লাগে বাটটো ঠিক কৰিব নোৱাৰি অন্য এজনমানুহক সুধিলে,"ককাই,সেই গাঁওখনলৈ কোনপিনে যায় ?" গাঁৱৰ মানুহজনে ক'লে,"সেই নদীখনৰ পাৰত থকা ডাঙৰ গছজোপাৰ আগত যিটো বাট সেই বাটেদি গ'লেই পাবা ।"
নদীৰ পাৰ পাই মূর্খজনে ভাবিলে,বাটটো গছৰ আগতহে আছে,এতিয়া গছজোপাত উঠি যোৱাহে কথা ! এইবুলি তেঁও গছত উঠি গৈ গৈ একেবাৰে গছৰ আগ পালেগৈ । মানুহজনৰ ভৰ সহিব নোৱাৰি গছৰ আগটো দোঁ খাই পৰিল আৰু মানুহজনে ডালে-পাতে ধৰি কথমপি ওলমি থাকিল।
এনেকৈ কিছুপৰ যোৱাৰ পিছত সেইফালেদি হাতীত উঠি হাতীৰ মাউত এজন যোৱা দেখিবলৈ পালে । হাতীমাউতক দেখি মূর্খজনে কাতৰ কৰি মাতিলে,ককাই ঔ,মোক বচোৱা, যেনেতেনে মোক গছৰ আগৰপৰা নমাই দিয়া ।" হাতীমাউটোৰ মানুহটোৰ অৱস্থা দেখি বেয়া লাগিল আৰু তেঁওক নমাই আনিবলৈ বুলি হাতীটোৰ ওপৰত উঠি থিয় হ'ল আৰু ওলমি থকা মানুহজনৰ ভৰি দুটাত দুয়ো হাতেৰে ধৰিলে । ইতিমধ্যেই হাতীটো আতৰি গ'ল । ফলত হাতীমাউতে মূর্খ মানুহজনৰ ভৰিত ধৰি আৰু মূর্খ মানুহজনে গছৰ ডালত ধৰি ওলমি থাকিল । এনেকুৱা এটা অৱস্থা হ'ল যে তেঁওলোকে কি কৰিব কেনেকৈ মাটিলে নামি যাব তাৰ একো উপায় নোহোৱা হ'ল । ভাবি-চিন্তি মূর্খই মাউতক ক'লে,"ককাই,এটা কাম কৰা, তুমি যদি কিবা গীত পদ জানা,চিঞৰি চিঞৰি এটা গোৱা। তোমাৰ গীত শুনিলে গঞা ৰাইজে কাষ চাপি আহিব আৰু আমাক এই বিপদৰপৰা উদ্ধাৰ কৰিবহি । নহ'লে,আমি সৰি পৰিম আৰ নৈৰ সোঁতে আমাক উটুৱাই নিব ।" সেই কথা শুনি হাতীমাউতে গঞা ৰাইজে শুনাকৈ ডাঙৰকৈ এটি গীত গালে,গীতটো শুনি মূর্খ মানুহজন ইমাধ মুগ্ধ হ'ল যে হাতীমাউতক তেতিয়াই শলাগিবৰ তেঁওৰ মন গ'ল আৰু উলাহতে "বাঃ বাঃ"বুলি কৈ দুয়োহাতেৰে চাপৰি বজাই দিলে । চাপৰি বজাঁওত গছৰপৰা হাত এৰাই গ'ল আৰ হুৰুস্ কৰি দুয়োজন নৈত সৰি পৰি একবাৰতে পানীৰ তল পালেগৈ আৰু তাতে মৃত্যু হ'ল।
লেখিকা: ড০ নিমর্লপ্রভা বৰদলৈ
এসময়ত এখন হাবিত বৰ প্রকাণ্ড সিংহ এটাই বাস কৰিছিল।এদিনাখন তাৰ বৰ ভোক লাগিল।সি হাবিখনৰ ইফালে-সিফালে ঘূৰি ফুৰিলে,কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে।বহুত ঘূৰি-ফূৰি তাৰ ভাগৰ লাগিল। অৱশেষত সি শ্রান্ত-ক্লান্ত হৈ এঠাইত বাগৰি পৰিল । হঠাৎ সি এটা গুহা দেখা পালে আৰু ভাবিলে-নিশ্চয় এই গুহাটোৰ ভিতৰত কোনো জন্তুৱে বাস কৰে । সোনাকলেই সি বাহিৰলৈ ওলাই আহিব পাৰে । মই এই জোপোহাটোৰ আঁৰত লুকাই থাকোঁ। যেতিয়া সি বাহিৰলৈ ওলাই আহিব, মই তাক মাৰিম আৰু খাই পেলাম । ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ সমুখত জোপোহাটোৰ আঁৰত লুকাই থাকল।বহু সময় পাৰ হ'ল । কোনো জন্তুৱে কিন্তু গুহাৰ বাহিৰলৈ ওলাই নাহিল। সিংহটোৱে ভাবিলে-সি নিশ্চয় আগেয়েই বাহিৰলৈ ওলাই গৈছে । সোনকালেই ঘূৰি আহিব । গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগে । যেতিয়া সি গুহাটোত সোমাব,মই তাক মাৰি খাই পেলাম।সেইকাৰণে সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল।সেই সময়ত শিয়ালটো বাহিৰলৈ গৈছিল। এতিয়া সি ঘূৰি আহিছে । সি গুহাটোত সোমাওঁ-সোমাওঁ কৰিছিলেই,এনেতে সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল। শিয়ালটোৱে ভাবি...
Comments
Post a Comment