Skip to main content

মেকুৰীৰ জীয়েকৰ সাধু

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল | তাই গাভিনী হৈছিল | ঘৰৰ গিৰিহঁতনীৰো ঠিক সেই সময়তে গা-ভাৰী আছিল | মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক’লে | গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হে, তই চপাই কোচাই আনি দিলেহে মই খাবলৈ আনি দিব পাৰোঁ | নহ’লেনো মই ক’ৰপৰা দিম ?” ইয়াকে শুনি মেকুৰিজনীয়ে সেই দিনাখনৰপৰা অইনৰ ঘৰৰপৰা চুৰ-তাৰি কৰি বা ডকা-হকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে | ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে | সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নেপায় | ইয়াতে তাইৰ মনৰ বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে, “মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক, আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক |” ইয়াৰ কিছুদিনৰ পাছতে সঁচাসঁচিকৈ গিৰিহঁতনীয়ে দুটা মেকুৰীপোৱালী পালে আৰু মেকুৰীজনীয়ে ছোৱালী দুজনী পালে | আতৌ-পুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনোৰকমে ডাঙৰ কৰিলে | ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ-গাখীৰ ইত্যাদি বিচাৰি যায় | ছোৱালী দুজনী জনা হ’লত সিহঁতে এদিন মাকক ক’লে, “আই তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহ’লে আমি কেনেকৈ জানিম আৰু কি কৰিম ?” তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক’লে, “যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজুপি জঁয় পৰিব আৰু গাখীৰ মলা ক’লা হ’ব | তেতিয়া তহঁতে মোক বিচাৰি যাবি |” ইয়াৰ দিন দিয়েকৰ পিছত তুলসীজোপা জঁয় পৰিল আৰু গাখীৰ মলা কেঁহৰাজ-বৰণীয় হ’ল | তেতিয়া মাকৰ কিবা হ’ল বুলি জানি কান্দি-কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি গ’ল | সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগত এখন নৈ পালেগৈ | নৈৰ গৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গ’ল | তাই আজঁলী দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ’ল আৰু জলকোঁৱৰে মাত লগালে, “যদি তোমাৰ হাতৰ আঙঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰা |” ভনীয়েকতকৈ আঙঠিটো কি ডাঙৰ বস্তু, এই বুলি বায়েকে আঙঠিটো দি পানী আনিলে | ভনীয়েকে পানী খাই বায়েকক আকৌ আঙঠিটো আনিবলৈ পঠিয়াই দিলে | এইবাৰ বায়েক পানীত নামোতেই জলকোঁৱৰে তাইক হৰি নিলে | বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি হিয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে | ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আহোঁতে অকলশৰীয়া ৰূপহী ছোৱালীজনীক নৈৰ পাৰত বহি কান্দি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ’ল | ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি ল’লে | কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকত্কৈ বেছি মৰম কৰিবলৈ ধৰিলে | খিয়ালতে ই দুজনীয়ে কেনেকৈ মুদৈয়ে এইক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে | তাইৰ প্ৰথমবাৰ অশৌচৰ সময়ত তাইক চকুদুটা কাপোৰেৰে বান্ধি, এটা ঢেঁকীথোৰা পালে বুলি কৈ তাই পোৱা মতা ল’ৰাটো সতিনীয়েকহঁতে নৈত উটাই দিলে | পিছৰবাৰটো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিহঁতে কৈ, আচল মতা ল’ৰাটো নৈত উটাই দিলে | ইফালে জলকোঁৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ল’ৰা দুটাক ভনীয়েকৰ ল’ৰা বুলি জানিব পাৰি তুলি-তালি ডাঙৰ-দীঘল কৰিলে | মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা ভাবি তাইক কুলক্ষণীয়া বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চুৱাপাতনিত ঘৰ এটা সজাই দি থ’লে | তাই চুৱাপাতনিতে দুখেৰে দিন কটাবলৈ ধৰিলে | এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে তেওঁৰ নাওখন ধৰি ৰাখিলে | মুদৈয়ে নাওখন কোনোৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচুৰ্ত্তি হৈ থকোঁতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই ক’লে, “তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক ঠিৰাঙকৈ কৈ তোমাৰ তামোলৰ হাঁচতিখন আৰু লাখুটিডাল পেলাই থৈ যোৱা, তেহে তোমাৰ নাও মুকলি হ’ব |” মুদৈয়ে উপায় নেপাই এটা বৰসবাহ কৰিবলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাট কৰে এৰাই গ’ল | ইফালে জেঠায়েকে সেই ল’ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰে পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি ক’লে আৰু সেই সকলো কথা সিহঁতৰ বাপেকে পতা বৰসবাহৰ দিনা ৰাইজক ক’বলৈ ক’লে | সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিডাল আৰু হাঁচতিখন লৈ মুদৈৰ ঘৰৰ ফালে যাবলৈ ধৰিলে | পোনেই গৈ সিহঁতে চুৱাপাতনিত থকা মাকক আই বুলি মাতি পানী খাবলৈ খুজিলত, সিহঁতে চুপতি কৰা বুলি ভাবি কবলৈ ধৰিলে, “মোক কিয় ভেঙুচালি কৰিছাহঁক ? সৌৱা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু যি পাৱ খাগৈ |” তেতিয়া সিহঁতে সকলো খিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকি দি, তাতে অলপ জিৰাই-সতাই সবাহলৈ গ’ল | সবাহত মানুহ দিহা-দিহি বহিছে, এনেতে খবৰ ওলাল যে চুৱাপাতনিত থকা মানুহ্জনীৰ তাত খাই-বৈ দুজন মানুহ সবাহত বহিছিল | যেতিয়া এই কথা জনাজাত হ’ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে | কথাষাৰ শুনা মাত্ৰকেই দুই ককাই-ভায়েকে গিৰিপ কৰে উঠি মাত লগালে যে, “আমি য’ত সোমাইছিলোঁ তেওঁ আমাৰ আই |” তেতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সোধাত মুদৈয়ে একোকে ক’ব নোৱাৰিলে | তেতিয়া ৰাইজে এই বিষয়ে ক’বলৈ কোৱাত, বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনে | এইবুলি সকলো কথা ভাঙি-পাতি সি কবলৈ ধৰিলে আৰু মুদৈৰ হাঁচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে | মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হ’ল আৰু লাখুটিডাল, হাঁচতিখন নিজৰ বুলি সৈ কাঢ়িলে | তেতিয়া সকলোৱে সতিনীৰ কুমন্ত্ৰণা বুলি বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে | ৰাইজেও একো হাই-উৰুমি নোহোৱাকৈ সবাহ খাই গ’ল | সবাহৰ পিছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি সিহঁতক খেদি দিলে আৰু ল’ৰাদুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সুমালেহি | ল’ৰা দুটিও বাপেক-মাকৰ বুকু জুৰাই ঘৰতে থকিল |

Comments

Popular posts from this blog

কথা কোৱা গুহা

এসময়ত এখন হাবিত বৰ প্রকাণ্ড সিংহ এটাই বাস কৰিছিল।এদিনাখন তাৰ বৰ ভোক লাগিল।সি হাবিখনৰ ইফালে-সিফালে ঘূৰি ফুৰিলে,কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে।বহুত ঘূৰি-ফূৰি তাৰ ভাগৰ লাগিল। অৱশেষত সি শ্রান্ত-ক্লান্ত হৈ এঠাইত বাগৰি পৰিল । হঠাৎ সি এটা গুহা দেখা পালে আৰু ভাবিলে-নিশ্চয় এই গুহাটোৰ ভিতৰত কোনো জন্তুৱে বাস কৰে । সোনাকলেই সি বাহিৰলৈ ওলাই আহিব পাৰে । মই এই জোপোহাটোৰ আঁৰত লুকাই থাকোঁ। যেতিয়া সি বাহিৰলৈ ওলাই আহিব, মই তাক মাৰিম আৰু খাই পেলাম । ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ সমুখত জোপোহাটোৰ আঁৰত লুকাই থাকল।বহু সময় পাৰ হ'ল । কোনো জন্তুৱে কিন্তু গুহাৰ বাহিৰলৈ ওলাই নাহিল। সিংহটোৱে ভাবিলে-সি নিশ্চয় আগেয়েই বাহিৰলৈ ওলাই গৈছে । সোনকালেই ঘূৰি আহিব । গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগে । যেতিয়া সি গুহাটোত সোমাব,মই তাক মাৰি খাই পেলাম।সেইকাৰণে সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল।সেই সময়ত শিয়ালটো বাহিৰলৈ গৈছিল। এতিয়া সি ঘূৰি আহিছে । সি গুহাটোত সোমাওঁ-সোমাওঁ কৰিছিলেই,এনেতে সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল। শিয়ালটোৱে ভাবি...

যাদুকৰী কলহ

এখন হাবিৰ কাষৰ গাঁৱত অলি আৰু তাইৰ বুঢ়ীমাকে এটা জুপুৰি ঘৰত বাস কৰিছিল । অলি এজনী কণমানি মৰমলগা ছোৱালী আছিল। আলিহঁত বৰ দুখীয়া আছিল।তাই আৰু বুঢ়ীমাকে কোনোমতেহে দুবেলা- দুমুঠী খাই জীয়াই আছিল । এদিনাখনৰ কথা।অলিহঁতৰ ঘৰত খাবলৈ একোৱেই নাছিল। বুঢ়ীমাকৰো সেইদিনা গাটো ভাল নাছিল। অলিৰ খুব ভোক লগাত তাই কাষৰ হাবিখনলৈকে কিবা ফল-মূল পায় নে কি বুলি বিচাৰি গ'ল। বেলি দুপৰ হ'ল।কিন্তু অলিয়ে খাবলৈ একোকে নাপালে।ভোকে-ভাগ ৰে জর্জৰিত হৈ অলিয়ে এজোপা গছৰ তলত জিৰণি ল'বলৈ বহি পৰিল। অতি সোনকালে তাই গছজোপাৰ তলতে টোপনিত ঢলি পৰিল।টোপিনিত অলিয়ে এটা সপোন দেখিলে। এজনী অতি ৰূপৱতী মহিলা অলিৰ কাষত আহি থিয় হ'লহি। মহিলাগৰাকীক অলিয়ে আগতে কেতিয়াও দেখা নাছিল। তাই সাহসেৰে সুধিলে-"তুমি কোন?""মই তোমাৰ বন্ধু"-মহিলাগৰা কীয়ে উত্তৰ দিলে। অলিয়ে হুমুনিয়াহ কাঢ়ি ক'লে- মই পুৱাৰে পৰা হাবিত খাবলৈ ফল-মূল বিচাৰিলো,কিন্তু ক'তোৱেই একো নাপালো।মোৰ খুব ভোক লাগিছে। ঘৰত মোৰ আয়ো ভোকাতুৰ হৈ আছে।তুমি আমাক খাবলৈ কিবা অলপ দিব পাৰিবানে? মহিলা গৰাকীয়ে আলিৰ ফালে চাই হাঁহিলে আৰু ক'লে-ম...

লেটিপেটি

এহাল মতাতিৰোতা আছিল । সিহঁতৰ বহুদিনৰ মূৰত ল'ৰা এটা উপজিলে আৰু তাৰ নাম থলে ঢ়েঁকী । ঢ়েঁকী ডাঙৰ হ'ল । সময়ত তাৰ বিয়াখনো হ'ল। পিচে তাৰ ঘৰ পায়ে তিৰোতাই ধান নবনা হ'ল।তাই ভাবিলে "কিজানি তাইৰ গিৰিয়েকৰ নামতে কিবা অপৰাধ আছে ।" সেই কাৰণে এদিন তাই গিৰিয়েকৰ নামটো সলাই আহিবলৈ গুৰু ঘৰলৈ পঠাই দিলে। সি গ'ল,গুৰুৱে তাৰ কথাটো বুজি পাই তাৰ নাম এজাৰ গুটি দি পঠাই দিলে। বাটত আহোঁতে নামটো পাহৰে বুলি এজাৰ গুটি এজাৰ গুটি বুলি আওঁৰাই আহি আছে। আগ নিশা এঘৰত চোৰে হাহঁ চুৰ কৰিলে। চোৰ ধৰা পৰা নাই।সেই কথালৈয়ে আলিৰ দাঁতিত গিৰিহঁতে মেল চপাইছে । গাৱঁতে এজাৰ গুটি নামৰ চোৰ আছিল । তাকে চোৰ বুলি সকলোৱে সন্দেহ কৰে। কিন্ত তাৰ ভয়ত মুখফালি কোনেও কবলৈ সাহ কৰা নাই। এজাৰ গুটি সেই মেলতে আছিল। ঢ়েকীঁয়ে ইপিনে সেইফেলেদি এজাৰ গুটি এজাৰ গুটি কে কৈ গৈ আছিল । সকলোৱে ভাবিলে ঢ়েকীয়ে এজাৰ গুটি কে চোৰ বুলি কৈছে , সকলোৱে এজাৰ গুটি গালি পাৰিব ধৰিলে। ইফেলে এজাৰ গুটিয়েও সহ্য কৰিব নোৱাৰি ঢ়েকীক আগভেটি ক'লে- তই কোন?মোৰ নাম কিয় ৰতি ফুৰিছ?কেতিয়া চোৰ কৰা দেখিছিলি? প্রমাণ দিব পাৰিবি? বুলি ঢ়েঁকীক মাৰি কিলাই পঠিয়াই দিলে। ঢ়েঁক...