এখন দেশত এজন সদাগৰ আছিল।সদাগৰজনে উট এটাৰ পিঠিত তেওঁৰবহা-বেপাৰৰ বস্তু বোজাই দি অ'ৰপৰাত'লৈ গৈছিল । বিৰাট টালি টোপোলাৰহেঁ চাত উটটোৱে কষ্ট পোৱা দেখিসদাগৰজনৰ বৰ বেয়া লাগিল।সেইদেখি আধা বাটতে উটটো ৰখাই তেঁওলগুৱাকেইটাক ক'লে- মই আৰু এটা উটবিচাৰিবলৈ যাঁও পালেই কিনি আনিম।তহঁত ইয়াত থাক উটটোক চকু দিবি। আৰুচাবি বৰষুণ আহিলে বৰষুণৰ পানী যাতেচামৰাৰ বাকচকেইটাত নপৰে ।বাকচকেইটাত কাপোৰ ভৰি আছে।এইবুলি লগুৱা কেইটাক দিহা দি সিঁহতৰতত্বাবধানত উটটো আৰু বয়বস্তুবোৰ এৰিসদাগৰজন আৰু এটা উট কিনিবৰ মনেৰেগ'লগৈ। সদাগৰজন যোৱাৰ দুদিনমানপিছত বতৰটো সঁচাকৈয়ে এদিনডাৱৰীয়া হ'ল আৰু চাওঁতে চাওঁতেইবতাহ বৰষুণ ওন্দোলাই আহিল। বৰষুণদিবলৈ ধৰা দেখি লগুৱাকেইটাইচিয়ৰ-বাখৰ লগালে, ইটোৱে সিটোকক'লে-হেৰৌ কি কৰ এতিয়া? হয়নে কিকৰ? গৰাকীয়ে কি কৈ গৈছিল? বৰষুণতচামৰাৰ বাকচ যাতে নিতিতে তাৰব্যবস্থা কৰিবলৈ কৈছিল নহয়? কি কৰাযায়? এটা কাম আমি নকৰো কেলেই?বাকচৰ ভিতৰৰ কাপোৰখিনি উলিয়াইতাৰে বাকচবোৰৰ চামৰাবোৰ ঢ়াকিদিলেই হয় দেখোন অ! হয় হয় এইটোৱেইভাল উপায় । এইবুলি লগুৱাকেইটাইবাকচকেইটা ভাঙি তাৰ পৰা দামীদামী ধুনীয়া কাপোৰবোৰ উলিয়াইতাৰে বাকচৰ ওপৰৰ চামৰাবোৰ ঢ়াকিদি পৰম নিশ্চিত হ'ল। সদাগৰেবেচিবলৈ অনা সকলো মূলবান কাপোৰবৰষুণ আৰু বোকাত যে নষ্ট হ'ব এই কথামূর্খ লগুৱা কেইটাৰ মূৰত ভাবিনেপালে।উট কিনি ঘূৰি আহি সদাগৰে মূৰেকপালে হাত দিলে। মুল্যবান অতখিনিকাপোৰ এনেকৈ নষ্ট হোৱাত খঙে-দুখেসদাগৰে লগুৱাকেইটালৈ চাই ক'লে-গৰুহঁত তহঁতে কি কাৰণে বাকচ খুলিকাপোৰবোৰ উলিয়াই এনেকৈ বৰষুণততিয়াই নষ্ট কৰিলি? সিহঁতে কলে-আমাৰ কি দোষ, যেনেকৈ আপুনি কৈ গৈছেতেনেকৈ কৰিছো। বাকচৰ চামৰাবৰষুণত তিতিব নালাগে বুলি কৈছিলদেখোন। সেই কাৰণেহে কাপোৰমেৰিয়াই দিছিলো। এতিয়া আকৌওলোটাই আমাকহে খং কৰিছে। "তঁহতৰনিচিনা বুর্বক পৃথিৱীত আৰু নহওকবুজিছ! ভিতৰৰ কাপোৰখিনিৰ কাৰণেহেযে চামৰাৰ বাকচকেইটা বৰষুণততিয়াবলৈ মানা কৰিছিলো সেইকথাটোও তহঁতৰ মূৰে ঢ়ুকি নাপালে।"সদাগৰে এইবুলি গুজৰি-গুমৰি ঘৰলৈউভতি গ'ল আৰু মূর্খ লগুৱা কেইটাকভালদৰে জৰিমণা কৰিলে।মূখাই কথা বুজোতে সদায় ওলোটাকে বুজেনিজৰ আৰু আনৰ অনিষ্ট কৰে আৰুএনেকৈয়ে অদ্ভুত উত্তৰ দি হাঁহিয়াতৰপাত্র হয়।সংগ্রহ-কথা-সৰিৎ -সাগৰলেখিকা-ড০ নির্মল প্রভা বৰদলৈ
এসময়ত এখন হাবিত বৰ প্রকাণ্ড সিংহ এটাই বাস কৰিছিল।এদিনাখন তাৰ বৰ ভোক লাগিল।সি হাবিখনৰ ইফালে-সিফালে ঘূৰি ফুৰিলে,কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে।বহুত ঘূৰি-ফূৰি তাৰ ভাগৰ লাগিল। অৱশেষত সি শ্রান্ত-ক্লান্ত হৈ এঠাইত বাগৰি পৰিল । হঠাৎ সি এটা গুহা দেখা পালে আৰু ভাবিলে-নিশ্চয় এই গুহাটোৰ ভিতৰত কোনো জন্তুৱে বাস কৰে । সোনাকলেই সি বাহিৰলৈ ওলাই আহিব পাৰে । মই এই জোপোহাটোৰ আঁৰত লুকাই থাকোঁ। যেতিয়া সি বাহিৰলৈ ওলাই আহিব, মই তাক মাৰিম আৰু খাই পেলাম । ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ সমুখত জোপোহাটোৰ আঁৰত লুকাই থাকল।বহু সময় পাৰ হ'ল । কোনো জন্তুৱে কিন্তু গুহাৰ বাহিৰলৈ ওলাই নাহিল। সিংহটোৱে ভাবিলে-সি নিশ্চয় আগেয়েই বাহিৰলৈ ওলাই গৈছে । সোনকালেই ঘূৰি আহিব । গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগে । যেতিয়া সি গুহাটোত সোমাব,মই তাক মাৰি খাই পেলাম।সেইকাৰণে সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল।সেই সময়ত শিয়ালটো বাহিৰলৈ গৈছিল। এতিয়া সি ঘূৰি আহিছে । সি গুহাটোত সোমাওঁ-সোমাওঁ কৰিছিলেই,এনেতে সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল। শিয়ালটোৱে ভাবি...
Comments
Post a Comment