Skip to main content

যাদুকৰী কলহ

এখন হাবিৰ কাষৰ গাঁৱত অলি আৰু তাইৰ
বুঢ়ীমাকে এটা জুপুৰি ঘৰত বাস কৰিছিল
। অলি এজনী কণমানি মৰমলগা ছোৱালী
আছিল। আলিহঁত বৰ দুখীয়া আছিল।তাই
আৰু বুঢ়ীমাকে কোনোমতেহে দুবেলা-
দুমুঠী খাই জীয়াই আছিল ।
এদিনাখনৰ কথা।অলিহঁতৰ ঘৰত খাবলৈ
একোৱেই নাছিল। বুঢ়ীমাকৰো সেইদিনা
গাটো ভাল নাছিল। অলিৰ খুব ভোক
লগাত তাই কাষৰ হাবিখনলৈকে কিবা
ফল-মূল পায় নে কি বুলি বিচাৰি গ'ল।
বেলি দুপৰ হ'ল।কিন্তু অলিয়ে খাবলৈ
একোকে নাপালে।ভোকে-ভাগ ৰে
জর্জৰিত হৈ অলিয়ে এজোপা গছৰ তলত
জিৰণি ল'বলৈ বহি পৰিল। অতি
সোনকালে তাই গছজোপাৰ তলতে
টোপনিত ঢলি পৰিল।টোপিনিত অলিয়ে
এটা সপোন দেখিলে।
এজনী অতি ৰূপৱতী মহিলা অলিৰ কাষত
আহি থিয় হ'লহি। মহিলাগৰাকীক
অলিয়ে আগতে কেতিয়াও দেখা নাছিল।
তাই সাহসেৰে সুধিলে-"তুমি কোন?""মই
তোমাৰ বন্ধু"-মহিলাগৰা কীয়ে উত্তৰ
দিলে। অলিয়ে হুমুনিয়াহ কাঢ়ি ক'লে-
মই পুৱাৰে পৰা হাবিত খাবলৈ ফল-মূল
বিচাৰিলো,কিন্তু ক'তোৱেই একো
নাপালো।মোৰ খুব ভোক লাগিছে। ঘৰত
মোৰ আয়ো ভোকাতুৰ হৈ আছে।তুমি আমাক
খাবলৈ কিবা অলপ দিব পাৰিবানে?
মহিলা গৰাকীয়ে আলিৰ ফালে চাই
হাঁহিলে আৰু ক'লে-মইনা এই কলহটো
লোৱা।ই এটা যাদুকৰী কলহ। এই
কলহটোৰ ভিতৰত অলপ পানী ভৰাই জুইৰ
ওপৰত ৰাখিবা আৰু তুমি যি খাদ্য
খাবলৈ বিচৰা তাকে পাবা। তুমি আৰু
ভোকত থাকিব নালাগে ।
হঠাৎ অলিয়ে টোপনিৰ পৰা সাৰ পালে।
তাই ইফালে-সিফালে চাই
মহিলাগৰাকীক দেখা নাপালে।কিন্তু
তাইৰ কাষতে এটা কলহ দেখি বৰ
আচৰিত হ'ল আৰু আনন্দিতও হ'ল।কলহটো
লৈ তাই ৰংমনেৰে ঘৰলৈ গ'ল।
ঘৰত বুঢ়ীমাকক তু সপোনৰ কথা বিৱৰি
ক'লে আৰু কলহটো বুঢ়ীমাকৰ হাতত দিলে

সিহঁতে কলহটো যাদুকৰী হয় নে
নহয়,পৰীক্ষা কৰি চাবলৈ সাজু হ'ল ।
দুয়ো একুৰা জুই ধৰিলে আৰু কলহটোত অলপ
পানী ভৰাই জুইৰ ওপৰত তুলি দিলে ।
অলিয়ে ক'লে-হে যাদুকৰী কলহ তুমি
আমাক এসাঁজ সুস্বাদু আহাৰ দিয়া । কিছু
সময় পাছতেই কলহটোত খাদ্য প্রস্তুত
হ'ল। সিঁহত দুয়ো আচৰিত হ'ল আৰু কলহৰ
পৰা আহাৰ লৈ ভোক গুচাই খালে ।
তেতিয়াৰ পৰা অলি আৰু তাইৰ বুঢ়ীমাক
কোনো দিনেই লঘোনে থাকিব লগা
নহ'লে,কিয়নো যাদুকৰী কলহটোৱে
প্রতিদিনে সিঁহত দুয়োকে সুস্বাদু
আহাৰৰ যোগান ধৰা হ'ল। অলি আৰু
বুঢ়ীমাক সুখত থাকিব ধৰিলে ।
লিখক-হোমেন লস্কৰ

Comments

Post a Comment

Popular posts from this blog

কথা কোৱা গুহা

এসময়ত এখন হাবিত বৰ প্রকাণ্ড সিংহ এটাই বাস কৰিছিল।এদিনাখন তাৰ বৰ ভোক লাগিল।সি হাবিখনৰ ইফালে-সিফালে ঘূৰি ফুৰিলে,কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে।বহুত ঘূৰি-ফূৰি তাৰ ভাগৰ লাগিল। অৱশেষত সি শ্রান্ত-ক্লান্ত হৈ এঠাইত বাগৰি পৰিল । হঠাৎ সি এটা গুহা দেখা পালে আৰু ভাবিলে-নিশ্চয় এই গুহাটোৰ ভিতৰত কোনো জন্তুৱে বাস কৰে । সোনাকলেই সি বাহিৰলৈ ওলাই আহিব পাৰে । মই এই জোপোহাটোৰ আঁৰত লুকাই থাকোঁ। যেতিয়া সি বাহিৰলৈ ওলাই আহিব, মই তাক মাৰিম আৰু খাই পেলাম । ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ সমুখত জোপোহাটোৰ আঁৰত লুকাই থাকল।বহু সময় পাৰ হ'ল । কোনো জন্তুৱে কিন্তু গুহাৰ বাহিৰলৈ ওলাই নাহিল। সিংহটোৱে ভাবিলে-সি নিশ্চয় আগেয়েই বাহিৰলৈ ওলাই গৈছে । সোনকালেই ঘূৰি আহিব । গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগে । যেতিয়া সি গুহাটোত সোমাব,মই তাক মাৰি খাই পেলাম।সেইকাৰণে সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল।সেই সময়ত শিয়ালটো বাহিৰলৈ গৈছিল। এতিয়া সি ঘূৰি আহিছে । সি গুহাটোত সোমাওঁ-সোমাওঁ কৰিছিলেই,এনেতে সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল। শিয়ালটোৱে ভাবি...

লেটিপেটি

এহাল মতাতিৰোতা আছিল । সিহঁতৰ বহুদিনৰ মূৰত ল'ৰা এটা উপজিলে আৰু তাৰ নাম থলে ঢ়েঁকী । ঢ়েঁকী ডাঙৰ হ'ল । সময়ত তাৰ বিয়াখনো হ'ল। পিচে তাৰ ঘৰ পায়ে তিৰোতাই ধান নবনা হ'ল।তাই ভাবিলে "কিজানি তাইৰ গিৰিয়েকৰ নামতে কিবা অপৰাধ আছে ।" সেই কাৰণে এদিন তাই গিৰিয়েকৰ নামটো সলাই আহিবলৈ গুৰু ঘৰলৈ পঠাই দিলে। সি গ'ল,গুৰুৱে তাৰ কথাটো বুজি পাই তাৰ নাম এজাৰ গুটি দি পঠাই দিলে। বাটত আহোঁতে নামটো পাহৰে বুলি এজাৰ গুটি এজাৰ গুটি বুলি আওঁৰাই আহি আছে। আগ নিশা এঘৰত চোৰে হাহঁ চুৰ কৰিলে। চোৰ ধৰা পৰা নাই।সেই কথালৈয়ে আলিৰ দাঁতিত গিৰিহঁতে মেল চপাইছে । গাৱঁতে এজাৰ গুটি নামৰ চোৰ আছিল । তাকে চোৰ বুলি সকলোৱে সন্দেহ কৰে। কিন্ত তাৰ ভয়ত মুখফালি কোনেও কবলৈ সাহ কৰা নাই। এজাৰ গুটি সেই মেলতে আছিল। ঢ়েকীঁয়ে ইপিনে সেইফেলেদি এজাৰ গুটি এজাৰ গুটি কে কৈ গৈ আছিল । সকলোৱে ভাবিলে ঢ়েকীয়ে এজাৰ গুটি কে চোৰ বুলি কৈছে , সকলোৱে এজাৰ গুটি গালি পাৰিব ধৰিলে। ইফেলে এজাৰ গুটিয়েও সহ্য কৰিব নোৱাৰি ঢ়েকীক আগভেটি ক'লে- তই কোন?মোৰ নাম কিয় ৰতি ফুৰিছ?কেতিয়া চোৰ কৰা দেখিছিলি? প্রমাণ দিব পাৰিবি? বুলি ঢ়েঁকীক মাৰি কিলাই পঠিয়াই দিলে। ঢ়েঁক...