ৰামধন বৰ দুখীয়া মানুহ। ইঘৰ সিঘৰৰ তাত দিন মজুৰি লৈ কাম কৰি যি দুপইচা পাই তাৰেই কোনোমতে ল'ৰা তিৰোতাৰ সৈতে খাই জীয়াই আছে।
ৰামধনৰ ঘৰ বৰকুছি গাঁৱত। ৰাতিপুৱাতে দাখন হাতত লৈ সি পলাশবাৰীলৈ আহে আৰু হাজিৰা কাম কৰি ৰাতি প্রায় নটামান বজাত ঘৰলৈ যায়গৈ । বৰকুছিলৈ যোৱা সৰু বাটটোৰ দক্ষিণ পিনে কেইজোপামান বাঁহ আছে। সেই বাঁহ কেইজোপাৰ উত্তৰে এটা প্রকাণ্ড পুখুৰী আছে। কোনোবাই বাঁহ কাটিব লাগিলে সেই পুখুৰীৰ পূৱ পিনে গৈহে বাঁহ কাটিব পাৰে।
সেইদিনা শনিবাৰ। ৰামধন আনদিনাৰ দৰে সেই দিনাও ৰাতিপুৱাতে দাখন হাতত লৈ পলাশবাৰী বজাৰলৈ ওলাই আহিছে। কি যে দুর্ভাগ্য তাৰ সেই দিনাখন। কোনোৱে তাক সেইদিনা কাম কৰিবলৈ নিদিলে। ৰামধনে এতিয়া কি কৰিব! উপায় নাপাই ভৰ দুপৰীয়া সি ঘৰলৈ খোজ ললে।
দুপৰীয়া সময়। কোনো মানুহ এটিও অহা নাই সেই বৰকুছিৰ বাটটোৰে ।ৰামধন ঘৰলৈ বুলি গৈ আছে এনেতে দেখে যে এজন মানুহ তাৰ ওচৰলৈ দৌৰি আহিছে।
মানুহজন ৰামধনৰ সন্মুখত থিয় হৈ ফোঁপাই জোপাই কলে- হেৰা ককাই মোক অলপ সহায় কৰিবানে???
ৰামধনে সেই মানুহজনৰ কথা শুনি কলে-কোৱা তোমাক বাৰু মই কেনেকৈ সহায় কৰিব লাগে???
মানুহজনে কলে-পুখুৰীটোৰ সিপাৰে থকা বাঁহজোপাৰ পৰা এটা বাঁহ কাটিলোঁ । মই অকলে সেই বাঁহটো টানি উলিয়াব পাৰা নাই । তুমি যদি অকণ টানি দিয়া তেতিয়া হলে বৰ ভাল হয়।
ক'তো একো কাম কৰিবলৈ নাপাই ৰামধনৰ মনটো বৰ বেয়া লাগি আছে। তাতেই আকৌ ভৰ দুপৰীয়া সময়। সি কলে- হেৰা ভাই তুমি বেয়া নাপাবা দেই। মোৰ ভাত খাবৰ সময় হ'ল। এনেস্থলত মই তোমাক সহায় কৰিব নোৱাৰিম ।
মানুহজনে কলে-তুমিতো জানাই ময়ো তোমাৰ দৰে,দিন মজুৰি লৈ কাম কৰি খোৱা মানুহ। তুমি যদি মোক এইকণ সহায় নকৰা তেনহলে মোৰ পিনে হৈছে। মোক কোনে মজুৰি দিব কোৱাচোন?
ৰামধনে ভাবিলে কথাটো সঁচা। সেই মানুহজনে বাঁহটো উলিয়াব নোৱাৰিলে তাৰ মজুৰি কেনেকৈ পাব । সিও নিশ্চয় তাৰ দৰে আজি শুকাই মৰিব লাগিব । গতিকে সি কলে-তুমি বৰ বিপদত পেলালাহে ভাই।ব'লা বাৰু।
মানুহজন আগে আগে আৰু ৰামধন পিছে পিছে। দুয়ো গৈ পুখুৰীৰ পাৰ পালেগৈ।তেতিয়া সেই মানুহজনে পানীৰ ওপৰেএ খোজ কাঢ়ি অনায়াসে পুখুৰীৰ সিপাৰে থকা বাঁহ জোপাৰ ওচৰলৈ গ'ল। তাৰ কাণ্ড দেখি ৰামধন অবাক হৈ চাই থাকিল। সিপাৰৰ পৰা সেই অদ্ভূত মানুহজনে ৰামধনক মাতিলে-চাই থাকিলা যে আহাঁ এই পাৰলৈকে।
ৰামধন-এই পানীৰ ওপৰেৰে মই কেনেকৈ যাম?
মানুহজন-মই জেনেকৈ আহিলোঁ,তুমিও তেনেকৈ আহা । ইমান ভয় কৰিব লাগেনে?
ৰামধন-পানীৰ ওপৰেৰে খোজ কাঢ়োতে মই ডুবি তেৰিম জানো? যদি মই তোমাক সহায় কৰিব লাগে তেনেহ'লে মোক নিয়াহি।
মানুহজন-আনিম বাৰু । তোমাৰ হাতত থকা দাখন মাটিত থৈ দিয়া। তোমাৰ লগত দা-খন থাকিলে মই তোমাক চুবই নোৱাৰোঁ।
মানুহটো পানীৰে পাৰ হৈ যাওঁতেই ৰামধনে বুজিছে যে সি মানুহ নহয় ভূতহে। এইবাৰ আকৌ যেতিয়া দা-খন মাটিত থবলৈ কৈছে তেতিয়া সি ভালকৈয়ে সেই ভূতৰ মনোভাৱ বুজি পালে । ৰামধনে কলে- তই সাধাৰণ ভূত এটা হৈ মোক ঠগিব খোজ? ইমান গভীৰ পানীত নামিলে তই মোক পানীত ডুবাই মাৰিলি হয়। ভাল অঁকৰা মানুহজন পাইছ নহয়। তোক মই মজাটো দিম নহয় ।
ৰামধন ঘৰলৈ গ'ল। বাটে বাটে সি ভূতটোৰ কথাটো ভাবি ভাবি গ'ল। সি ভাবিলে যে এই ভূতটো যদি খেদিব পৰা নহয় তেতিঢ়া সি কোনোবা মানুহক মাৰিব । সি গৈ সেইদিনাখনেই ৰঘুৱা নামৰ ওজাজনৰ ঘৰলৈ গ'ল ।
ৰঘুৱা ওজা ভুত খেদাত ওস্তাদ । পিছদিনা গাঁৱৰ মানুহ কিছুমান আৰু ৰঘুৱা ওজাক লগত লৈ ৰামধন সেই পুখুৰীৰ পাৰলৈ আহিল। ৰঘুৱা ওজাই বহুত পূজা-পাটল আৰু মন্ত্র পাঠ কৰি সেই ভুতটোক তাৰপৰা খেদি পঠালে।
সেইদিনাখনৰ পৰা কোনো মানুহে সেই ঠাইত ভূত দেখা নাই ।
লেখক-সুৰেন্দ্র কুমাৰ দলে
এসময়ত এখন হাবিত বৰ প্রকাণ্ড সিংহ এটাই বাস কৰিছিল।এদিনাখন তাৰ বৰ ভোক লাগিল।সি হাবিখনৰ ইফালে-সিফালে ঘূৰি ফুৰিলে,কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে।বহুত ঘূৰি-ফূৰি তাৰ ভাগৰ লাগিল। অৱশেষত সি শ্রান্ত-ক্লান্ত হৈ এঠাইত বাগৰি পৰিল । হঠাৎ সি এটা গুহা দেখা পালে আৰু ভাবিলে-নিশ্চয় এই গুহাটোৰ ভিতৰত কোনো জন্তুৱে বাস কৰে । সোনাকলেই সি বাহিৰলৈ ওলাই আহিব পাৰে । মই এই জোপোহাটোৰ আঁৰত লুকাই থাকোঁ। যেতিয়া সি বাহিৰলৈ ওলাই আহিব, মই তাক মাৰিম আৰু খাই পেলাম । ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ সমুখত জোপোহাটোৰ আঁৰত লুকাই থাকল।বহু সময় পাৰ হ'ল । কোনো জন্তুৱে কিন্তু গুহাৰ বাহিৰলৈ ওলাই নাহিল। সিংহটোৱে ভাবিলে-সি নিশ্চয় আগেয়েই বাহিৰলৈ ওলাই গৈছে । সোনকালেই ঘূৰি আহিব । গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগে । যেতিয়া সি গুহাটোত সোমাব,মই তাক মাৰি খাই পেলাম।সেইকাৰণে সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল।সেই সময়ত শিয়ালটো বাহিৰলৈ গৈছিল। এতিয়া সি ঘূৰি আহিছে । সি গুহাটোত সোমাওঁ-সোমাওঁ কৰিছিলেই,এনেতে সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল। শিয়ালটোৱে ভাবি...
ভাল লাগিল
ReplyDeleteভাল লাগিল পঢ়ি ।
ReplyDeleteশব্দ বিলাক শুদ্ধ কৰক
ReplyDelete