Skip to main content

ভগৱানৰ জ্ঞানৰ বিচাৰক

বহুবছৰৰ পূৰ্বৰ কথা। কাশ্মীৰত এজন
লোক আছিল।তেঁও তেনেই সৰু সৰু কথা
কিছুমানতে খুহ-খুহাই থকা স্বভাৱাৰ
আছিল। এদিন দুপৰীয়াৰ অসহ্যকৰ গৰমত
তেঁও ওলাই গৈছিল কিবা এটা কামত।
এনেয়ে গৰমৰ দিন, তাতে আকৌ
সেইদিনা আছিল প্ৰচণ্ড ৰ'দ। উপায়হীন
হৈ তেঁও পথাৰ এখনৰ মাজত থকা
কাঠবাদমৰ গছ এজোপাৰ তলতে ক্ষন্তেক
জিৰণি ল'বলৈ বহিল । মানুহজনে
চাৰিওপিনে চকু ফুৰাই চাই দেখিবলৈ
পালে এজোপা কোমোৰাৰ গছ । গছজোপাত
কেইবাটাও প্ৰকাণ্ড প্ৰকাণ্ড কোমোৰা
ওলমি আছে।
তেঁও মুখ ফুটাই ডাঙৰকৈয়ে ক'বলৈ
ধৰিলে- হে' ভগৱান ! আপোনাৰ
কাণ্ডজ্ঞান অলপো নাই নেকি? থকা হলে
এনে মূৰ্খামি আপুনি কেতিয়াও
নকৰিলেহেঁতেন । ইমান প্ৰকাণ্ড
কাঠবাদমৰ গছজোপাক দিছে ক্ষুদ্ৰ
ক্ষুদ্ৰ ফলবোৰ আৰু এই লেহুকা কোমোৰা
লতাজোপাক দিছে প্ৰকাণ্ড প্ৰকাণ্ড
কোমোৰাবোৰ । আপোনাক বিচাৰ-
বিবেচনাহী ন বুলি ক'বলৈ মোক
আপুনিয়েই বাধ্য কৰাইছে। যদি আপুনি
এনে নকৰি ইয়াৰ ওলোটাতো
কৰিলেহেঁতেন তেতিয়াহে আপোনাৰ
জ্ঞান গৰিমা আৰু বিবেচনাৰ পৰিচয়
পালোঁহেতেন।
তেনেতে টুপুককৈ এটা কাঠবাদম সৰি
মানুহজনৰ মুৰতে পৰিল। তেওঁ ভয়তে উচপ্
খাই উঠিল।তাৰ পিছত পুনৰ তেওঁ
ভগৱানক উদ্দেশ্যি ক'বলৈ ধৰিলে- হে'
দয়াময় ভগৱান! মোৰ দোষ ক্ষমা কৰিব ।
মই বিচাৰ-বিবেচনাহী ন নৰ-মনিচে
নভবা-নিচিন্তাকৈ য়ে আপোনাক মুখত
যি আহে তাকেই ক'লোঁ। মোৰ কথাৰ
উপযুক্ত প্রত্যুত্তৰ দিলে আপুনি
কার্য্যৰে । আপোনাৰ জ্ঞান আৰু বিচাৰ-
বিবেচনাৰ তুলনা নাই। ইমান ওপৰৰ
পৰা কোমোৰাটো আহি মোৰ মুৰত পৰিলে
মই মৰিয়েথাকিলো হেঁতেন। হে ভগৱান
আপুনিয়ে সুবিবেচক সেই কথাৰ প্রমাণ
আজি মই ভালদৰেই পালোঁ।
লেখিকা-দীপিকা ভট্টাচার্য্য

Comments

Post a Comment

Popular posts from this blog

কথা কোৱা গুহা

এসময়ত এখন হাবিত বৰ প্রকাণ্ড সিংহ এটাই বাস কৰিছিল।এদিনাখন তাৰ বৰ ভোক লাগিল।সি হাবিখনৰ ইফালে-সিফালে ঘূৰি ফুৰিলে,কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে।বহুত ঘূৰি-ফূৰি তাৰ ভাগৰ লাগিল। অৱশেষত সি শ্রান্ত-ক্লান্ত হৈ এঠাইত বাগৰি পৰিল । হঠাৎ সি এটা গুহা দেখা পালে আৰু ভাবিলে-নিশ্চয় এই গুহাটোৰ ভিতৰত কোনো জন্তুৱে বাস কৰে । সোনাকলেই সি বাহিৰলৈ ওলাই আহিব পাৰে । মই এই জোপোহাটোৰ আঁৰত লুকাই থাকোঁ। যেতিয়া সি বাহিৰলৈ ওলাই আহিব, মই তাক মাৰিম আৰু খাই পেলাম । ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ সমুখত জোপোহাটোৰ আঁৰত লুকাই থাকল।বহু সময় পাৰ হ'ল । কোনো জন্তুৱে কিন্তু গুহাৰ বাহিৰলৈ ওলাই নাহিল। সিংহটোৱে ভাবিলে-সি নিশ্চয় আগেয়েই বাহিৰলৈ ওলাই গৈছে । সোনকালেই ঘূৰি আহিব । গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগে । যেতিয়া সি গুহাটোত সোমাব,মই তাক মাৰি খাই পেলাম।সেইকাৰণে সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল।সেই সময়ত শিয়ালটো বাহিৰলৈ গৈছিল। এতিয়া সি ঘূৰি আহিছে । সি গুহাটোত সোমাওঁ-সোমাওঁ কৰিছিলেই,এনেতে সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল। শিয়ালটোৱে ভাবি...

যাদুকৰী কলহ

এখন হাবিৰ কাষৰ গাঁৱত অলি আৰু তাইৰ বুঢ়ীমাকে এটা জুপুৰি ঘৰত বাস কৰিছিল । অলি এজনী কণমানি মৰমলগা ছোৱালী আছিল। আলিহঁত বৰ দুখীয়া আছিল।তাই আৰু বুঢ়ীমাকে কোনোমতেহে দুবেলা- দুমুঠী খাই জীয়াই আছিল । এদিনাখনৰ কথা।অলিহঁতৰ ঘৰত খাবলৈ একোৱেই নাছিল। বুঢ়ীমাকৰো সেইদিনা গাটো ভাল নাছিল। অলিৰ খুব ভোক লগাত তাই কাষৰ হাবিখনলৈকে কিবা ফল-মূল পায় নে কি বুলি বিচাৰি গ'ল। বেলি দুপৰ হ'ল।কিন্তু অলিয়ে খাবলৈ একোকে নাপালে।ভোকে-ভাগ ৰে জর্জৰিত হৈ অলিয়ে এজোপা গছৰ তলত জিৰণি ল'বলৈ বহি পৰিল। অতি সোনকালে তাই গছজোপাৰ তলতে টোপনিত ঢলি পৰিল।টোপিনিত অলিয়ে এটা সপোন দেখিলে। এজনী অতি ৰূপৱতী মহিলা অলিৰ কাষত আহি থিয় হ'লহি। মহিলাগৰাকীক অলিয়ে আগতে কেতিয়াও দেখা নাছিল। তাই সাহসেৰে সুধিলে-"তুমি কোন?""মই তোমাৰ বন্ধু"-মহিলাগৰা কীয়ে উত্তৰ দিলে। অলিয়ে হুমুনিয়াহ কাঢ়ি ক'লে- মই পুৱাৰে পৰা হাবিত খাবলৈ ফল-মূল বিচাৰিলো,কিন্তু ক'তোৱেই একো নাপালো।মোৰ খুব ভোক লাগিছে। ঘৰত মোৰ আয়ো ভোকাতুৰ হৈ আছে।তুমি আমাক খাবলৈ কিবা অলপ দিব পাৰিবানে? মহিলা গৰাকীয়ে আলিৰ ফালে চাই হাঁহিলে আৰু ক'লে-ম...

লেটিপেটি

এহাল মতাতিৰোতা আছিল । সিহঁতৰ বহুদিনৰ মূৰত ল'ৰা এটা উপজিলে আৰু তাৰ নাম থলে ঢ়েঁকী । ঢ়েঁকী ডাঙৰ হ'ল । সময়ত তাৰ বিয়াখনো হ'ল। পিচে তাৰ ঘৰ পায়ে তিৰোতাই ধান নবনা হ'ল।তাই ভাবিলে "কিজানি তাইৰ গিৰিয়েকৰ নামতে কিবা অপৰাধ আছে ।" সেই কাৰণে এদিন তাই গিৰিয়েকৰ নামটো সলাই আহিবলৈ গুৰু ঘৰলৈ পঠাই দিলে। সি গ'ল,গুৰুৱে তাৰ কথাটো বুজি পাই তাৰ নাম এজাৰ গুটি দি পঠাই দিলে। বাটত আহোঁতে নামটো পাহৰে বুলি এজাৰ গুটি এজাৰ গুটি বুলি আওঁৰাই আহি আছে। আগ নিশা এঘৰত চোৰে হাহঁ চুৰ কৰিলে। চোৰ ধৰা পৰা নাই।সেই কথালৈয়ে আলিৰ দাঁতিত গিৰিহঁতে মেল চপাইছে । গাৱঁতে এজাৰ গুটি নামৰ চোৰ আছিল । তাকে চোৰ বুলি সকলোৱে সন্দেহ কৰে। কিন্ত তাৰ ভয়ত মুখফালি কোনেও কবলৈ সাহ কৰা নাই। এজাৰ গুটি সেই মেলতে আছিল। ঢ়েকীঁয়ে ইপিনে সেইফেলেদি এজাৰ গুটি এজাৰ গুটি কে কৈ গৈ আছিল । সকলোৱে ভাবিলে ঢ়েকীয়ে এজাৰ গুটি কে চোৰ বুলি কৈছে , সকলোৱে এজাৰ গুটি গালি পাৰিব ধৰিলে। ইফেলে এজাৰ গুটিয়েও সহ্য কৰিব নোৱাৰি ঢ়েকীক আগভেটি ক'লে- তই কোন?মোৰ নাম কিয় ৰতি ফুৰিছ?কেতিয়া চোৰ কৰা দেখিছিলি? প্রমাণ দিব পাৰিবি? বুলি ঢ়েঁকীক মাৰি কিলাই পঠিয়াই দিলে। ঢ়েঁক...